/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ed8cb8d-cf20-408a-b285-836d86be5446/DISPUR_08.jpg)
DISPUR DISPUR
ডিজিটেল ডেস্কঃ ৰাজ্যৰ গৃহবিভাগৰ পৰা জাৰি এক নিৰ্দেশনা অনুসৰি ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে। সেই অনুসৰি আই পি এছ বিষয়া তথা কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰ মান্দাকাতাৰ কামাণ্ডো বেটলিয়নৰ কামাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে। একেদৰে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক তথা আই পি এছ বিষয়া অপৰ্ণা নটৰাজনক ধুবুৰীলৈ বদলি কৰা হৈছে।
কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক আই পি এছ বিষয়া পুষ্পৰাজ সিঙক কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক তথা আই পি এছ বিষয়া গৌৰৱ অভিজিত দিলীপক তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক এ পি এছ বিষয়া দেৱজিত দেউৰীক প্ৰথম এ এফ পি এফ বেটেলিয়নৰ কামাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে। গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপ-আয়ুক্ত এ পি এছ হেমন্ত কুমাৰ দাসক মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
এ পি এছ তথা গুৱাহাটী মহানগৰৰ পশ্চিম মণ্ডলৰ উপ-আয়ুক্ত নবনীত মহন্তক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। এ পি এছ বিষয়া তথা বিশেষ শাখাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাক আৰক্ষী উপ-আয়ুক্ত (প্ৰশাসন) হিচাপে বদলি কৰা হৈছে।
প্ৰথম এ এফ পি এফ বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱাশীষ বৰাক গুৱাহাটী মহানগৰৰ পশ্চিম মণ্ডলৰ আৰক্ষী উপ-আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে মান্দাকাটা স্থিত কামাণ্ডো বেটলিয়নৰ কামাণ্ডেণ্ট এ পি এছ বিষয়া সঞ্জীৱ কুমাৰ শইকীয়াক কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।