২০২৫চনত পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা-উইলম...

২০২৫ চনত পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা-উইলম...

author-image
Asomiya Pratidin
New Update
২০২৫চনত পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা-উইলম...

ডিজিটেল ডেস্কঃ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পৃথিৱীলৈ উভতি আহিব আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলম। নাছাই জনোৱা মতে,ফেব্ৰুৱাৰী মাহত ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত ঘূৰি আহিব দুয়োগৰাকী।

Advertisment

শনিবাৰে (২৪ আগষ্ট) এক বিবৃতিত এই তথ্য প্ৰদান কৰিছে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই। ছমাহ মহাকাশ কেন্দ্ৰতে থাকিব লাগিব ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী ‘বাচ্চ’ উইলম’।

ইয়াৰোপৰি আই এছ এছত আবদ্ধ হৈ থকা মহাকাশচাৰী দুজনক বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত অনাটো বিপদজনক হ’ব পাৰে বুলি স্বীকাৰ কৰিছে নাছাই। উল্লেখ্য যে, মহাকাশচাৰীদ্বয়ক ৫জুনত একেখন মহাকাশযানেৰে আই এছ এছলৈ প্ৰেৰণ কৰা হৈছিল। এইটোৱেই আছিল ষ্টাৰলাইনাৰ কেপচুলৰ প্ৰথম উৰণ।

Also Read: আমি আমাৰ শ্বহীদ সকলক উচিত সন্মান যাঁচিবলৈ শিকিব লাগিবঃ শিঙৰীত উদযাপন বলিদান দিৱস...

Astronaut sunita williams