৯দিনলৈ গৈ ৯মাহ মহাকাশত কটোৱা সুনীতা উইলিয়ামছে পাবনে অতিৰিক্ত দৰমহা?

মহাকাশত ২৮৬দিন পাৰ কৰা সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থসকলে অতিৰিক্ত সময়ৰ বাবে কিমান টকাৰ দৰমহা বেছিকৈ লাভ কৰিব? সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অজ্ঞতা

author-image
Asomiya Pratidin
New Update
ok

ডিজিটেল ডেস্কঃ মহাকাশত ২৮৬দিন পাৰ কৰা সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থসকলে অতিৰিক্ত সময়ৰ বাবে কিমান টকাৰ দৰমহা বেছিকৈ লাভ কৰিব? সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অজ্ঞতা প্ৰকাশ কৰে। তথাপিও কয় যে, তেওঁলোকে যি কঠিন সময় পাৰ কৰি আহিছে তাৰ বাবে তেওঁলোকক কোনো দৰমহাৰে জুখিব পৰা নাযায়। এই বিষয়ে মই ভালকৈ নাজানো। যদিহে ইয়াৰ বাবে ধন ভৰিব লগা হয়, তেন্তে মই মোৰ জেপৰ পৰা ভৰিবলৈ কুন্ঠাবোধ নকৰো।'

Advertisment

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে উক্ত বিষয়টোত অজ্ঞতা প্ৰকাশ কৰিলেও আপুনি জানেনে এগৰাকী মহাকাশীৰে কিমান টকাৰ দৰমহা লাভ কৰে? নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চচ উইলম’ৰক আমেৰিকাৰ ফেডাৰেল কৰ্মচাৰীৰ বাবে সৰ্বোচ্চ স্তৰৰ GS-15 পে’ গ্ৰেডৰ অধীনত দৰমহা দিয়া হয়।

GS-15 পে’ গ্ৰেডৰ অধীনত আমেৰিকাৰ চৰকাৰী কৰ্মচাৰীয়ে বাৰ্ষিক ভিত্তি দৰমহা ১ লাখ ২৫ হাজাৰ ১৩৩ ডলাৰৰ পৰা ১ লাখ ৬২ হাজাৰ ৬৭২ ডলাৰ দৰমহা লাভ কৰে। ভাৰতীয় টকাৰ হিচাপত সুনীতা উইলিয়ামছৰ বাৰ্ষিক দৰমহা হ’ব প্ৰায় ১ কোটি ৮ লাখ টকাৰ পৰা ১ কোটি ৪১ লাখ টকাৰ ভিতৰত।

একাংশ সংবাদপত্ৰৰ মতে, সুনীতা উইলিয়ামছৰ বছৰি দৰমহা হৈছে ১ লাখ ৫২ হাজাৰ ২৫৮ ডলাৰ, ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১ কোটি ২৬ লাখ টকা। আনফালে প্ৰশ্নৰ অৱতাৰণা হৈছে যে, ৯দিনলৈ গৈ ৯মাহ মহাকাশত থকা সুনীতা উইলিয়ামছে পাব নেকি অতিৰিক্ত দৰমহা? মিছনৰ সময়ত নাছাৰ সকলো কৰ্মচাৰীয়ে নিয়মিত দৰমহা আৰু নাছাৰ পৰা পাবলগীয়া অন্যান্য সা-সুবিধা লাভ কৰে। কিন্তু নাছাত অ’ভাৰটাইম পেমেণ্টৰ ব্যৱস্থা নাই।

 অৱশ্যে আকস্মিক ঘটনাৰ বাবে নাছাৰ কৰ্মচাৰীয়ে কম পৰিমাণে হ’লেও দৈনিক ৪ ডলাৰকৈ অতিৰিক্ত ভাট্টা লাভ কৰে। সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থৰ ক্ষেত্ৰত হোৱা এই ঘটনা আকস্মিকে আছিল। গতিকে ভাৰতীয় টকা হিচাপত মহাকাশত কটোৱা প্ৰতিটো অতিৰিক্ত দিনৰ বাবে সুনীতা উইলিয়ামছে লাভ কৰিব মাত্ৰ ৩৪৭ টকাকৈ। 

সুনীতা উইলিয়ামছ