/asomiyapratidin/media/media_files/2025/03/19/PfMKqAYwQhpdkycBPfvu.jpg)
ডিজিটেল ডেস্কঃ মহাশূন্যত মহাঅভিযানৰ নিচান উৰুৱাই ২৮৬ দিনৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিল ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুচ উইলম’ৰ।
বুধবাৰে পুৱা ৩:২৭ বজাত (ভাৰত সময় অনুসৰি) ইলন মাস্কৰ স্পেচএক্স মহাকাশযানেৰে তেওঁলোক ফ্ল’ৰিডা উপকুলৰ সাগৰত অৱতৰণ কৰে। মহাকাশৰ পৰা পৃথিৱীলৈ সুনীতাৰ উভতণি যাত্ৰা নিৰাপদ আছিল বুলি ঘোষণা কৰিছে নাছাই।
তেওঁলোকৰ সৈতে একেখন মহাকাশযানেৰে উভতি আহিল নাছাৰ নিক হগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভ। উল্লেখ্য যে, চাৰিও গৰাকী মহাকাশচাৰীক পেৰাচুটেৰে কঢ়িয়াই অনা ড্ৰেগন কেপচুলখন প্ৰথমে সাগৰত অৱতৰণ কৰে।
২.৩৮ বজাত ড্ৰেগন কেপচুলৰ পৰা ট্ৰাংক সফলতাৰে পৃথক কৰা হয়। ইয়াৰ লগে লগে আৰম্ভ হয় আটাইতকৈ কঠিন ৪৬ মিনিট। এই ৪৬ মিনিট যিমানেই আকৰ্ষণীয় আছিল সিমানেই আছিল শিহৰণকাৰী। সময়ৰ লগে লগে বাঢ়ি গৈছিল উত্তেজনাও।
পুৱা ২.৫০ বজাত সমগ্ৰ কেপচুলটো জুইৰ গোলকলৈ পৰিণত হয়। পৃথিৱীৰ বায়ুমণ্ডলত ঘৰ্ষণৰ বাবে কেপচুলটো ৩৫০০ ফাৰেনহাইটলৈকে গৰম হয়। কিন্তু কেপচুলত ব্যৱহৃত বিশেষ ধাতুই কেপচুলটোক গৰমৰ পৰা ৰক্ষা কৰে। এই সময়ছোৱাতে প্ৰায় ৭-১০ মিনিটৰ বাবে কেপচুলটো সংস্পৰ্শ হেৰাই যায়।
পুৱা ৩.২৪ বজাত সুনীতা উইলিয়ামছ আৰু অন্যান্য মহাকাশচাৰীক লৈ অহা ড্ৰেগন কেপচুলে বায়ুমণ্ডল অতিক্ৰম কৰে। লগে লগে পেৰাচুটটো খোল খায়, ইয়াৰ ফলত কেপচুলৰ গতি হ্ৰাস পাব ধৰে।
পুৱা ৩.২৭ বজাত পেৰাচুটৰ সৈতে ড্ৰেগন কেপচুলখন ফ্ল’ৰিডাৰ উপকূলৰ সমীপৰ সাগৰত নিৰাপদে অৱতৰণ কৰে। এয়া আছিল এক ঐতিহাসিক মুহূৰ্ত। ইয়াৰ পাছতে কেপচুলটো লাহে লাহে সাগৰত অৱতৰণ কৰি পানীত ভাঁহি উঠে। লগে লগে সাজু হৈ থকা নাছাৰ দলবোৰ উক্ত স্থানত উপস্থিত হৈ প্ৰায় এঘণ্টামান সুৰক্ষা পৰীক্ষাৰ অন্তত এজন এজনকৈ মহাকাশচাৰীক উলিয়াই আনে।
উল্লেখ কৰা প্ৰয়োজন যে, সাগৰত অৱতৰণ কৰাৰ পিছত কেপচুলটো পোনপটীয়াকৈ নুখুলি প্ৰায় ১০ মিনিটৰ বাবে কেপচুলটোৰ নিৰাপত্তা পৰীক্ষা কৰা হয়। ভিতৰ আৰু বাহিৰৰ উষ্ণতা একে স্তৰলৈ অহাৰ পাছত কেপচুলৰ দ্বাৰ খুলি এজন এজনকৈ মহাকাশচাৰীক উলিয়াই আনে।
সুনীতা উইলিয়ামৰ নিৰাপদ অৱতৰণৰ পাছতে হোৱাইট হাউছে কয় যে, যি প্ৰতিশ্ৰুতি দিছিলো সেয়া ৰক্ষা কৰিলো। মহাকাশত আৱদ্ধ হৈ থকা মহাকাশচাৰীক ৯ মাহৰ ভিতৰত উদ্ধাৰৰ প্ৰতিশ্ৰুতি দিছিল ৰাষ্ট্ৰপতি ট্ৰাম্পে। ইলন মাস্ক, স্পেচএক্স আৰু নাছাৰ কৃপাত আজি তেওঁলোকে নিৰাপদে আমেৰিকাৰ উপসাগৰত অৱতৰণ কৰিলে।
প্ৰায় ৯ মাহৰ পিছত পৃথিৱীত উশাহ লয় সুনীতা আৰু উইলম'ৰে। ইমান দিন মহাকাশত থকাৰ পিছতো সুনীতা উলিয়ামৰ মুখমণ্ডলত কোনো ধৰণৰ ভাগৰ বা বলিৰেখা পৰিলক্ষিত নহ'ল। সুনীতাৰ এই নিৰ্ভীকতাক লৈ গৰ্বিত তেওঁৰ মাতৃও। কেপচুলৰ পৰা বাহিৰলৈ আহি হাত জোকাৰি সকলোকে সম্ভাষণ জনাই আকাশৰ পৰা ঘৰলৈ উভতা পৃথিৱীৰ তৰা সুনীতা উইলিয়ামে।