/asomiyapratidin/media/media_files/2025/03/19/mK2C3Pgrgd9v46ozqoVc.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত স্বভূমিত সুনীতা উইলিয়ামছ-বুচ উইলম’ৰ। অপেক্ষাৰ অন্ত পেলাই পৃথিৱীপৃষ্ঠ পালে দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু উইলম’ৰ। মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত স্পেচএক্স ড্ৰেগন মহাকাশযানেৰে ধৰাত উপস্থিত হয় মহাকাশচাৰীদ্বয়।
উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি ৩.২৭ বজাত ফ্ল’ৰিডাৰ উপসাগৰীয় উপকূলৰ পৰা নিৰাপদে অৱতৰণ কৰে ইলন মাস্কৰ স্পেচএক্স ড্ৰেগন। মঙলবাৰে পুৱা ৮:১৫ বজাত বন্ধ কৰা হৈছিল স্পেচএক্সৰ দুৱাৰ। প্ৰায় ১০.৩৫ বজাত হেচ্চ বন্ধ আৰু আই এছ এছৰ পৰা আনডক কৰাৰ পিছত আন দুজন মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশৰ পৰা প্ৰস্থান কৰিছিল সুনিতা আৰু উইলম’ৰে।
উল্লেখযোগ্য যে, ২০২৪ৰ ৫ জুনত ৮ দিনৰ বাবে মহাকাশলৈ গৈছিল সুনীতা উইলিয়াম আৰু বাচ্চ উইলম’ৰ। কিন্তু মহাকাশযানত হোৱা বিজুতিৰ বাবে ধৰালৈ উভতিব পৰা নাছিল দুই মহাকাশচাৰী । ৮ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ থকা মহাকাশচাৰী দুগৰাকীক অৱশেষত ইলন মাস্কৰ সহযোগত পৃথিৱীলৈ উভতাই অনা হয়।