/asomiyapratidin/media/media_files/2025/01/05/lTCxJ9WX9mtBeUz2KGPb.jpg)
ডিজিটেল সংবাদ,গহপুৰ: নাম তেওঁৰ সুনীতা দাস। জন্মৰ পিছৰে পৰা সূৰ্যৰ সাতোৰঙী পোহৰ দেখাৰ পৰা বঞ্চিত সুনীতা দাসৰ ঘৰ গহপুৰ সমজিলাৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ ৰজাবাৰীৰ ধন্দীত। এটা তেনেই দৰিদ্ৰ পৰিয়ালৰ ঘৰত ডাঙৰ দীঘল হোৱা সুনীতাৰ আছে এটা বিশেষ দক্ষতা। যি দক্ষতাই সুনীতাক লৈ গৈছে সংগীতৰ দৰে মায়াময় ক্ষেত্ৰখনৰ মাজলৈ।
এক যাদুকৰী কণ্ঠৰ অধিকাৰী সুনীতা দাসৰ এই শিল্পী প্ৰতিভাক অসমব্যাপী আগবঢ়াই নিবলৈ নিঃস্বাৰ্থ ভাবে আগবাঢ়ি অহা শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে গ্ৰহণ কৰিছে কেতবোৰ ইতিবাচক পদক্ষেপ।
/asomiyapratidin/media/media_files/2025/01/05/AraEmza3DQrYrDHbIGQ6.jpg)
এফালে জন্মান্ধ আৰু আনফালে দৰিদ্ৰতাৰে যুজঁ দি এখন কঠোৰ সংগ্ৰাম চলাই অহা সুনীতা দাসক নিজৰ সন্তানৰ দৰে আঁকোৱালি লৈ এক মহানুভৱতাৰ পৰিচয় দিয়া উদয় আদিত্য গোস্বামীয়ে সুনীতা দাসক অধ্যয়নৰ সমান্তৰালভাৱে সংগীতৰ মাজেৰে জীৱন গঢ়াৰ বাবে আগবঢ়াইছে প্ৰেৰণা আৰু সাহস।
সেই অনুসৰি সুনীতা দাসক উদয় আদিত্য গোস্বামীয়ে তেওঁৰ নিজৰ শংকৰদেৱ শিক্ষা নিকেতনৰ আবাসত ৰাখি সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়ন কৰাৰ সুবিধা কৰি দিয়াৰ উপৰিও সুনীতাৰ যাদুকৰী কণ্ঠক এলবাম আকাৰে বাণীবদ্ধ কৰি শ্ৰুতা-দৰ্শকৰ মাজলৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰিছে বলিষ্ঠ পদক্ষেপ।
উচ্চতৰ মাধ্যমিক শাখা(কলা)ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী সুনীতাই সুন্দৰকৈ কণ্ঠদান কৰিব পৰাৰ হেতু তেওঁৰ কণ্ঠত এটি ভক্তিমূলক গীত বাণীবদ্ধ কৰাই অসমৰ শ্ৰুতা-দৰ্শকৰ মাজত সুনীতাক চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত আন্তৰিকতাৰে আগবাঢ়ি অহা উদয় আদিত্য গোস্বামীয়ে ইয়াৰ জৰিয়তে সুনীতাক দিব বিচাৰিছে জীৱন গঢ়াৰ সাহস আৰু অনুপ্ৰেৰণা।
/asomiyapratidin/media/media_files/2025/01/05/QTgeRB5hdlV2pmlAzdog.jpg)
বিশ্বনাথ চাৰিআলিৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ভাগৱতীৰ পৰিচালনা আৰু পৰিকল্পনাৰে সমগ্ৰ অসমতেই সমাদৃত হোৱা ভক্তিমূলক গীতৰ এলবাম "শিৰোমণি"ৰ শেহতীয়া সংস্কৰণত এটি গীত গাই সকলোকে মন্ত্ৰমুগ্ধ কৰা সুনীতা দাসৰ ভক্তিমূলক গীতটো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় শংকৰদেৱ শিক্ষা নিকেতনৰ প্ৰেক্ষাগৃহত।
শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামী আৰু অধ্যক্ষ জয়ন্ত শইকীয়াৰ সাহস আৰু অনুপ্ৰেৰণাত সুনীতাই কণ্ঠদান কৰা ভক্তিমূলক গীতটোৰ শুভ উন্মোচন কৰে শংকৰদেৱ শিক্ষা নিকেতনৰ মুখ্য পৃষ্ঠপোষক স্বৰ্ণ প্ৰভা গোস্বামীয়ে।
/asomiyapratidin/media/media_files/2025/01/06/AhpxmspiWuoeHyNAzgY8.jpg)
সেই উপলক্ষে অধ্যক্ষ জয়ন্ত শইকীয়াই আঁত ধৰা উন্মোচনী সভাখনত চাৰিআলি বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা স্বপ্না বৰা দাস,বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা,সংগীত শিল্পী-পৰিচালক মানস ভাগৱতী,নিশাৰাণী ভাগৱতী, সুনীতা দাসৰ মাতৃ গোলাপী দাস,শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ উদয় আদিত্য গোস্বামী উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/01/06/kwBjFZsVIe0KOXyEiN8h.jpg)
কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ বিষয়া মিনা বৰা,শিক্ষাবিদ বীৰেণ ভূঞা, ড: মিনতি চৌধুৰী, মৃগলক্ষী দত্ত, গোপাল ভূঞা, সূৰ্য ভূঞা, ৰাজু গৌতম,অশ্বিনী বৰমূদৈ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা উন্মোচনী সভাখনত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দত্তই ভাষণত কয় যে সুনীতা দাস,ৰাণী কামানৰ দৰে বিশেষ ভাৱে সক্ষম শিক্ষাৰ্থী সকলক নিজৰ পিতৃৰ দৰে তুলি লৈ উদয় আদিত্য গোস্বামীয়ে তেওঁলোকক দিয়া প্ৰেৰণা আৰু সাহস আজিৰ বস্তুবাদী সমাজত সঁচাকৈয়ে ব্যতিক্ৰম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us