/asomiyapratidin/media/media_files/2025/09/14/ap-web-sunil-shetty-2025-09-14-14-53-53.jpg)
ডিজিটেল ডেস্কঃ "মই কেতিয়াও ভৱা নাছিলো যে আন্না নামটোৱে মোক এক পৰিচয় দিব। এতিয়া কোনোৱে মোক আন্না বুলি নামাতিলে মই ঘূৰি নাচাও। এই নামটোৰ সৈতে মোৰ আৱেগ জড়িত হৈ পৰিছে"- এই মন্তব্য বলিউডৰ জনপ্ৰিয় অভিনেতা সুনীল
দিল্লীৰ 'দ্য অশোক'ত অনুষ্ঠিত হোৱা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লেভ-২০২৫' ত আজি প্ৰথম দিনৰ দ্বিতীয়খন আলোচনা চক্ৰত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। সাদিন প্ৰতিদিন গোষ্ঠী'ৰ পৰিচালন সঞ্চালক ঋষি বৰুৱায়ে আঁত ধৰা এই একক আলোচনাত
আৰম্ভণিতে ঋষি বৰুৱাই অভিনেতা গৰাকীৰ পৰিচয়ত কয়, "From the border bunkers to Hera Pheri's rent, shyam's confusion was are money well spent. Dhadkan show's us his softer side, the love and heartbreak he couldn't hide. But then came to Anna with the swag so steady that even the industry wasn't ready. The fitness freek, a business man too, there's nothing that he can't do. so here's to the tough guy, stylish and bold with muscle of steel and heart of gold and may be the oldy person this room who's not growing old."
শ্ৰী বৰুৱাৰ প্ৰতিটো শব্দই অভিনেতা গৰাকীৰ লগতে উপস্থিত প্ৰতিগৰাকীৰে অন্তৰ স্পৰ্শ কৰে লগে লগে হাত চাপৰিৰে সুনীল
আলোচনা চক্ৰৰ বিষয় সন্দৰ্ভত তেওঁ কয়, আমি সকলোৱে নিজ নিজ শিপাৰ সৈতে সংযুক্ত হৈ থাকিব লাগে। যিদৰে উত্তৰ-পূবৰ লোক সকলে নিজ সংস্কৃতি কেৱল প্ৰদৰ্শন নকৰে এটা পীড়িৰ পৰা আনটো পীড়িলৈ তাৰ প্ৰচাৰ কৰে যাতে প্ৰতিটো প্ৰজন্ম নিজ নিজ সংস্কৃতিৰ সৈতে পৰিচিত হয়।
'দ্য কনক্লেভত উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে দক্ষিণ ভাৰতৰ সামঞ্জস্যৰ কথা উল্লেখ কৰি তেওঁ কয়, মই দক্ষিণ ভাৰতৰ, আমিও ইয়াকেই অনুকৰণ কৰো। মোৰ সংস্কৃতি মোৰ শিৰে শিৰে সোমাই আছে। প্ৰতি বছৰে মই ৫-১০ বাৰকৈ নিজ গাঁৱলৈ যাঁও,দেৱী মাৰ দৰ্শন কৰো। ইয়াৰ পৰা মই শক্তি পাঁও। সেয়ে মই মাটিৰ সৈতে সংযুক্ত হৈ আছো। মোৰ ল’ৰা-ছোৱালীয়েও এয়াই অনুসৰণ কৰি আহিছে সামন্তৰালকৈ মোৰ পাঁচ মহীয়া নাতিটোও আমাৰ সংস্কৃতিৰ সৈতে জড়িত।
তেওঁ আৰু কয়, 'মূল কথা হ’ল আমি আমাৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিব লাগে। এয়াই আমাৰ দেশৰ সৌন্দৰ্য।আমি গভীৰ ভাৱে শিপাৰ সৈতে সংযুক্ত সেয়ে বিশ্বই আমালৈ দৃষ্টি নিক্ষেপ কৰে।
ইয়াৰ পাছতে তেওঁককৰ্ম আৰু ব্যক্তিগত জীৱনত ভাৰসাম্যতা সন্দৰ্ভত কৰা প্ৰশ্নত তেওঁ কয় যে, জীৱনত এই সঠিক সমন্বয়ৰ অতি প্ৰয়োজন। নিজ পিতৃক স্মৰণ কৰি শ্ৰী
তেওঁ লগতে কয়, বৰ্তমান সময়ছোৱাত ব্যক্তিগত জীৱন আৰু পেচাগত জীৱন উভয়ে সমান গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত সফল হ’বলৈ যথেষ্ট সময়, পৰিশ্ৰম আৰু একাগ্ৰতা আৱশ্যক হয়। কিন্তু কেৱল ব্যৱসায়িক দায়িত্ব পালনৰ পিছত ব্যক্তিগত জীৱন উপেক্ষা কৰিলে পৰিয়াল-সমাজৰ সৈতে থকা সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰে।
এই শিক্ষাই মই মোৰ সন্তানক দিবলৈ যত্ন কৰিছো,যিটো ক্ষেত্ৰত মই নিজকে সফল বুলি অনুভৱ কৰিছো। কাৰণ আথিয়া আৰু আহানে পৰিয়ালৰ প্ৰতিটো সৰু-বৰ কথাতে গুৰুত্ব প্ৰদান কৰি আহিছে।
সমান্তৰালকৈ আজিৰ আলোচনা চক্ৰত নিজ পিতৃৰ সফলতাৰ যাত্ৰা সন্দৰ্ভতো চমু ভাষণ ৰাখি নিজকে গৌৰম্বিত পুত্ৰ বুলি অভিহিত কৰে সুনীল
সুনীল
ঋষি বৰুৱাই তেওঁৰ পুত্ৰ আহানৰ সৈতে তেওঁৰ সম্পৰ্ক সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, পিতৃৰ আদৰ্শ, পৰিশ্ৰম, সততা আৰু জীৱনৰ কঠিন অভিজ্ঞতাই পুত্ৰক জীৱনত আগবাঢ়িবলৈ সাহস যোগায়। মোৰ পুত্ৰ আহানে সদায় মোক অনুসৰণ কৰে। মোৰ সন্তানক লৈ মই অতি আৱেগিক, ঠিক একেটা অনুভৱে তেওঁলোকৰো।
ফিটনেছ সন্দৰ্ভতো অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে অভিনেতা গৰাকীয়ে। তেওঁ সকলোকে ভাল খাদ্য খোৱা লগতে ক্ৰিয়াশীল হ'বলৈ আহ্বান জনায়। লগতে বৰ্তমান প্ৰজন্মক উদ্দেশ্যি তেওঁ কয়, পইছা খৰছ কৰাৰ পূৰ্বে উপাৰ্জন কৰিবলৈ শিকক...