ঢকুৱাখনা কাণ্ডঃ সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত বুজ ল'ব জি পি সিঙে

ঢকুৱাখনা কাণ্ডঃ সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত বুজ ল'ব জি পি সিঙে

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ সাপতিয়া চেতিয়া গাঁৱৰ পৈশাচিক হত্যাকাণ্ডৰ তদন্তই যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ, গেৰুৱা নেতা সুনীল গগৈৰ বৰ্বৰ হত্যাকাণ্ডৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগে (চি আই ডি) গ্ৰহণ কৰি আশাব্যঞ্জক সফলতাৰ দিশে গতি কৰিছে। চি আই ডি বিভাগৰ আই জি পি সংযুক্তা পৰাশৰৰ তত্বাৱধানত পৰিচালিত এই লোমহৰ্ষক নাৰকীয় হত্যাকাণ্ডৰ তদন্তই প্ৰাথমিক অগ্ৰগতি লাভ কৰিছে।

ইতিমধ্যে "ফৰেনচিক লেবৰেটৰী" লৈ প্ৰেৰণ কৰা মৃতদেহত চাই সদৃশ মাংস পিণ্ডসহ অন্য উদ্ধাৰ হোৱা সামগ্ৰীৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেই আৰক্ষীৰ তদন্তই নিৰ্দিষ্ট গতি ল'ব। অসম আৰক্ষীৰ শীর্ষ সূত্ৰই জনোৱা মতে খুব পৰিকল্পিতভাৱে সংঘটিত কৰা এই বৰ্বৰ হত্যাকাণ্ডৰ হত্যাকাৰী শীঘ্ৰে জালত পৰিব।

ঘটনা সংঘটিত হোৱাৰ ২৪ঘণ্টা উকলি যোৱাৰ পাছতো সুনীল গগৈৰ ছিন্ন মুণ্ড উদ্ধাৰত আৰক্ষী সক্ষম হোৱা নাই। সমীপৱৰ্তী সকলো এলেকা আৱদ্ধ কৰি আৰক্ষীয়ে অশেষ সন্ধান চলাইয়ো গগৈৰ ছিন্নমুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ সূত্ৰই তীব্ৰ আৰু উচ্চ প্ৰজ্বলক ব্যৱহাৰ কৰি মূৰ আৰু সমস্ত দেহ ভস্মীভূত কৰাৰো আশংকা নুই কৰা নাই। ইপিনে হত্যাকাৰীৰ নিখুঁত পৰিকল্পনাত স্থানীয় ব্যক্তি জড়িত থকাৰো সন্দেহ কৰা হৈছে। গগৈৰ গতিবিধি তীক্ষ্ণ নজৰত ৰখা আৰু এই সন্দৰ্ভত হত্যাকাৰীক অৱগত কৰাত স্থানীয় শক্তি আৰু কিছু সংখ্যক জে জে এমৰ ঠিকাদাৰো সন্দেহৰ আৱৰ্ত্তলৈ আহিছে ।

তদন্তকাৰী আৰক্ষীয়ে মৃতকৰ ম'বাইল ফোনৰ চি ডি আৰ উলিয়াই ,উচ্চ কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰি প্ৰামানিক তথ্য সংগ্ৰহত ক্ষীপ্ৰতাৰে নামি পৰিছে। অসম আৰক্ষীৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ থিয় দিয়া এই পৰিকল্পিত নিখুঁত হত্যাকাণ্ডৰ তদন্ত অব্যাহত থকাৰ সময়তে একাংশ জে জে এমৰ ঠিকাদাৰক আৰক্ষীয়ে জেৰা কৰা আৰম্ভ কৰিছে। এই ক্ষেত্ৰত বিশেষভাৱে চৰ্চালৈ আহিছে সদ্য নিলম্বিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ ঘনিষ্ঠ কেইজনমান ঠিকাদাৰৰ নাম।

কমিচনলোভী কাৰ্যবাহী অভিযন্তা গোস্বামীযে ন্যায়িক জিম্মাত দিন কটোৱা সময়তে ঢকুৱাখনাৰ এজন জে জে এমৰ ঠিকাদাৰে কেইবা লাখ টকা কি উদ্দেশ্যেৰে সংগ্ৰহ কৰি গুৱাহাটীলৈ গৈছিল সেয়াও তদন্তৰ আওঁতালৈ অহাতো ন্যায়কামী ৰাইজে বিচাৰিছে। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলত সংঘটিত পৰ্বতসম বিত্তীয় কেলেংকাৰী এই পৈশাচিক হত্যাকাণ্ডৰ সৈতে জড়িত থকাটো এশ শতাংশই নিশ্চিত হোৱাৰ পাছত বিভাগটোৰ এচাম বিতৰ্কিত বিষয়া কৰ্মচাৰীও সন্দেহৰ আওঁতালৈ আহিছে। দ্ৰুতগতিত আগবঢ়া এই হত্যাকাণ্ডৰ তদন্তৰ পৰ্যালোচনা কৰিবলৈ সোমবাৰে বিয়লি ঘটনাস্থলীত উপস্থিত হব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং ।উল্লেখযোগ্য যে দিনে নিশাই আৰক্ষী অৰ্ধ সামৰিক বাহিনীয়ে হত্যাকাণ্ড সংঘটিত হোৱা এলেকা আবদ্ধ কৰি পহৰা দি আছে।

ঢকুৱাখনা কাণ্ডঃ সুনীল গগৈৰ হত্যাকাণ্ড সন্দৰ্ভত বুজ ল'ব জি পি সিঙে
এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কচুৱাৰ বন্যাৰ্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in