Champions Trophy: ৰোহিত শৰ্মা অধিক আনন্দিত হোৱাৰ প্ৰয়োজন নাই...

দেওবাৰে চেম্পিনয়ছ ট্ৰফীৰ ফাইনেল খেলিব টীম ইণ্ডিয়াই। প্ৰায় ২৫বছৰৰ মূৰত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত  নিউজিলেণ্ডৰ বিৰুদ্ধে খেল পথাৰত নামিব টীম ইণ্ডিয়া। নিশ্চিতভাৱে এই সময়ত টীম ইণ্ডিয়াৰ প্ৰতিগৰাকী খেলুৱৈ উৎসাহিত হৈ আছে।

author-image
Asomiya Pratidin
New Update
dddd...

ডিজিটেল ডেস্কঃ দেওবাৰে চেম্পিনয়ছ ট্ৰফীৰ ফাইনেল খেলিব টীম ইণ্ডিয়াই। প্ৰায় ২৫বছৰৰ মূৰত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত  নিউজিলেণ্ডৰ বিৰুদ্ধে খেল পথাৰত নামিব টীম ইণ্ডিয়া। নিশ্চিতভাৱে এই সময়ত টীম ইণ্ডিয়াৰ প্ৰতিগৰাকী খেলুৱৈ উৎসাহিত হৈ আছে। উৎফুল্লিত হৈ আছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাও।

Advertisment

কিন্তু ৰোহিত শৰ্মাৰ এই স্ফূৰ্তি হজম কৰিব পৰা নাই প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে। প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৰোহিতক উদ্দ্যেশি কয় যে, ফাইনেল পোৱাৰ বাবে বেছি স্ফূৰ্তি কৰিব লগা একো কাৰন নাই। ৰোহিত শৰ্মা ধাৰাবাহিকভাৱে প্ৰতিখন খেলতে ২৫-৩০ৰান কৰি আউট হৈছে। এনে হোৱাটো উচিত নহয়। এনে সময়ত ৰোহিত শৰ্মা কমেও ২৫অভাৰৰ লৈকে বেটিং কৰাটো জৰুৰী। 

সুনীল গাভাস্কাৰে লগতে কয় যে, ফাইনেল খেলখনত সকলোৱে ভাল খেলাটো জৰুৰী। যদিহে অপেনাৰে ১৮০-১৯০ৰাণৰ লৈকে আগবঢ়াই দিয়ে, তেন্তে সহজে ৩৫০-৪০০ৰাণ সংগ্ৰহ হব। কিন্তু এই ক্ষেত্ৰত অতিপাত আক্ৰমণাত্মকভাৱে খেলাতকৈ বিবেকেৰে খেলাটো অতিকৈ জৰুৰী।

উল্লেখ কৰা প্ৰয়োজন যে, অহা দেওবাৰে ছেম্পিয়নছ ট্ৰফীৰ ফাইনেলত মুখামুখি হব ভাৰত-নিউজিলেণ্ড। চলিত ছেম্পিয়নছ ট্ৰফীত এখনো খেলত পৰাজিত নোহোৱাকৈ ফাইনেলত উপস্থিত হৈছে ভাৰত। এনে ক্ষেত্ৰত ভাৰতৰ উদ্যম অধিক হোৱাটো স্বাভাৱিক। 

ৰোহিত শৰ্মা