/asomiyapratidin/media/media_files/2024/11/27/iXBCY6LrMpjDfI8iyCGK.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ট্ৰেণ্ডচ আৰু প্ৰতিদিন টাইমৰ যৌথ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছিল "Summer Time with trends" শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিত অংশ লৈছিল সমগ্ৰ অসমৰ প্ৰায় ৩৫০ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে । প্ৰতিযোগিতাখনি মূলতঃ দুটা শাখাত অনুষ্ঠিত হৈছিল।
প্ৰথমটো শাখাত অংশ লৈছিল প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে আৰু দ্বিতীয় শাখাত অংশ লৈছিল পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে।বিচাৰকৰ দ্বাৰা নিৰ্বাচিত হৈছিল শীৰ্ষৰ ২০ গৰাকী প্ৰতিযোগী। যোৱা ১৬ ডিচেম্বৰত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হৈ যায় Summer Time with trends শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাখনিৰ ফাইনেল ৰাওণ্ড।
বিচাৰক হিচাপে আছিল অভিনেত্ৰী নিশিতা গোস্বামী, গীতিকাৰ পৰিচালক শশাংক সমীৰ আৰু জ্যেষ্ঠ চিত্ৰশিল্পী আফতাব আলী। ২০ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা বিচাৰকে বিজয়ী হিচাপে নিৰ্বাচিত কৰে মুঠ ৭ গৰাকী প্ৰতিযোগী। প্ৰথম আৰু দ্বিতীয় শাখাত প্ৰথম স্থান অধিকাৰ কৰি গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ বিকিৰাজ কাশ্যপ আৰু এনি কাশ্যপে লাভ কৰে মুঠ ২০ হাজাৰ টকাৰ পুৰস্কাৰ।
প্ৰথম শাখাত বঙাইগাঁও হাইস্কুলৰ কৃতিকা মিত্ৰ আৰু দ্বিতীয় শাখাত নিউ লুক একাডেমীৰ ধৰিত্ৰী চেতিয়াই দ্বিতীয় স্থান অধিকাৰ কৰি লাভ কৰে মুঠ ১০ হাজাৰ টকাৰ পুৰস্কাৰ। তৃতীয় স্হান লাভ কৰে প্ৰথম শাখাত ওদালগুৰিৰ শংকৰদেৱ শিশু বিদ্যালয়ৰ পৰিস্মিতা দাসে।
পুৰস্কাৰ হিচাপে লাভ কৰে মুঠ ৫ হাজাৰ টকাৰ পুৰস্কাৰ। আৰু দ্বিতীয় শাখাত যুতীয়া ভাৱে তৃতীয় স্থান লাভ কৰে ছয়গাঁও হায়াৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰ পলাশ দাস আৰু নৰ্থ পাব্লিক স্কুলৰ অশ্বিকা ব'সে। পুৰস্কাৰ হিচাপে দুয়োয়ে লাভ কৰে মুঠ ৫ হাজাৰ টকাৰ পুৰস্কাৰ।