/asomiyapratidin/media/media_files/2025/06/29/263-2025-06-29-10-58-56.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : ৰাজ্যত সম্প্ৰতি আৰম্ভ হ'বলগীয়া গ্ৰীষ্ম বন্ধৰ সৈতে সংগতি ৰাখি অসমৰ অগ্ৰণী নাট্যগোষ্ঠী জেংৰাই অসমে মঙলদৈস্থিত জেংৰাই থিয়েটাৰ গ্ৰামত ৪ জুলাইৰ পৰা ২০ জুলাইলৈকে এখনি ১৫ দিনীয়া নাট কৰ্মশালাৰ আয়োজন কৰিছে। জেংৰাই অসমৰ সঞ্চালক তথা বিশিষ্ট নাট্যকাৰ-পৰিচালক বিশ্বজিৎ ডেকা মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিবলগীয়া এই কৰ্মশালাই বন্ধৰ সময়ছোৱাত স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ লগতে সাংস্কৃতিক মানসিকতা গঢ় দিয়াটো সহায় কৰিব বুলি উদ্যোক্তাসকল আশাবাদী।
কৰ্মশালাৰ অন্তত মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখন নাট মঞ্চস্থও কৰা হ'ব। উল্লেখযোগ্য যে কেবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিবলগীয়া এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব তিনিগৰাকীকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰিবেশ্য কলা বিভাগৰ স্নাতক ক্ৰমে হিমাংশু শৰ্মা, নিবেদিতা বৰুৱা আৰু গকুল ডেকা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ত্ৰিপুৰাৰ স্নাতক সীমান্ত ৰাজবংশী, ভাতখাণ্ডে সঙ্গীত বিদ্যালয়, লক্ষ্ণৌৰ স্নাতক মৌচুমী মহন্ত আৰু অভিনেত্ৰী তথা অনাতাঁৰ শিল্পী নীনা কলিতা।
আনহাতে এই অনুষ্ঠানৰ সামগ্ৰিক দায়িত্বত থাকিব জেংৰাই অসমৰ সদস্য জ্যোতিষ ডেকা, সুভাষ কলিতা আৰু ৰাতুল কলিতা। এই কৰ্মশালাত যোগদান কৰিব বিচৰা আগ্ৰহী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে ৭০০২৬৬৩৯৫৬, ৮২৫৬৮১১০৪২ আৰু ৭৮৯৬৯০৫৯৫২ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।