/asomiyapratidin/media/media_files/2025/07/12/376-2025-07-12-17-07-05.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰত যোৱা ১০ জুলাই পৰা আৰম্ভ হোৱা সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক ৰাজ্যিক অধিবেশন আৰু ধেমাজি জিলাৰ প্ৰতিনিধি সভাৰ শনিবাৰে সফলভাৱে সমৰণি পৰে। চিলাপথাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত অধিবেশনৰ আজি অন্তিম দিনা স্মৃতি তৰ্পণ, পতাকা উত্তোলন,গছপুলি ৰোপণৰ পিছতে আৰম্ভ হয় মুকলি সভা।
সন্থাৰ ৰাজ্যিক সভাপতি এচ এম চিবলি মজুমদাৰৰ সভাপতিত্বত আৰু সম্পাদক ভৱেশ নাথে আঁত ধৰা সভাত আদৰণী অভিভাষণ আগবঢ়ায় আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ভূৱন দাসে। উক্ত সভাতেই অধিবেশনৰ সৈতে সংগতি ৰাখি বিজয় বৰিৰ সম্পাদনাত প্ৰকাশ পোৱা "সহায়ক" শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন চন্দ্ৰ ভুঞাই।
লগতে বিশিষ্ট লেখিকা কবি ৰুমি গগৈ বৰুৱাৰ "শব্দৰ লহৰত অৰুণাভ ৰাগিনী" শীৰ্ষক এখন কবিতা পুথি উন্মোচন কৰা হয়।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছয় শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অধিৱেশনত কাৰ্য্যালয় সহায়কসকলক পদোন্নতি, স্নাতক স্কেল প্ৰদান কৰা, উচিত দৰমহা প্ৰদান কৰা,অ পি এচ' ৰ ব্যৱস্থা কৰা আদি বহু গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।
আনহাতে মুকলি সভাখনত চৰকাৰী বিষয়া,অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া,বিশিষ্ট শিক্ষাবিদ,সমাজ কৰ্মী, সংগঠক আদি বহু বৰেণ্য ব্যক্তি উপস্থিত থাকি সাৰুৱা বক্তব্য প্ৰদান কৰে।