/asomiyapratidin/media/media_files/2025/07/24/ap-for-web-gaan-2025-07-24-17-15-29.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, বজালী জিলা প্রশাসনৰ সহযোগত আৰু পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ সৌজন্যত ক্লাবৰ কাৰ্যালয় প্রাংগনত ১০ জুলাইৰ পৰা পোন্ধৰ দিনীয়াকৈ আয়োজন কৰা বজালী বিধানসভা সমষ্টি ভিত্তিত সংগীত বিষয়ত গ্রীষ্মকালীন কর্মশালাখনৰ বৃহস্পতিবাৰে সামৰণি পৰে। এই উপলক্ষে আজি অনুষ্ঠিত কর্মশালাখনৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বজালী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত পল্লবী গগৈ।
গগৈয়ে কয় যে আমাৰ স্বনামধন্য সকলৰ সংগীত আমি শুদ্ধ ৰূপত জীয়াই ৰাখিব লাগিব আৰু এনে কর্মশালাখনই এই ক্ষেত্ৰত সহায়ক হয়। আন এগৰাকী বিশিষ্ট অতিথি তথা সংগীত শিল্পী সদানন্দ গগৈয়ে নিজৰ ভাষণত ড° ভূপেন হাজৰিকাৰ জীৱন আৰু গানৰ বিষয়ে আলোকপাত কৰে।
তেওঁ লগতে কয় যে সংগীত সদায় একাগ্ৰতাৰে শুদ্ধ সুৰত গাব লাগে আৰু গানৰ প্ৰকাশ শুদ্ধ হ’ব লাগে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়, বিশিষ্ট শিল্পী তথা ভায়োলিন বাদক দীপক বৰুৱা আৰু বিশিষ্ট সমাজকৰ্মী মুনীন্দ্ৰ নাৰায়ন গোস্বামীয়েও ভাষণ প্ৰদান কৰে।
ক্লাবৰ সংগীত কর্মশালা পৰিচালনা সমিতিৰ সভাপতি আমিনুল হক, প্ৰকাশন উপ সমিতিৰ সভাপতি নিতুল শৰ্মা আৰু সহ সম্পাদক দ্বীপেন দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত ক্লাবৰ সভাপতি ৰফিকুল হকে আদৰণি ভাষণ প্ৰদান কৰে। ক্লাবৰ শীৰ্ষক সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে কেইবাটাও সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে সদানন্দ গগৈ আৰু প্ৰশিক্ষাৰ্থী জিজ্ঞাসা কাশ্যপে এককভাৱে সংগীত পৰিৱেশন কৰে।
অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ মাজত অংশগ্ৰহণকাৰীৰ প্ৰমাণপত্ৰও বিতৰণ কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চনি টিভিৰ ইন্দিয়ান আইডল চেচন ১৬ ৰ ৰিয়েলিটি শ্বোত অংশ গ্ৰহনৰ বাবে নিৰ্বাচিত হোৱা পাটাছাৰকুছিৰ জিজ্ঞাসা কাশ্যপক ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাগজ্যোতি সাহায্য নিধিৰ জৰিয়তে উদগনিমূলক হিচাপে পোন্ধৰ হেজাৰ টকা প্ৰদান কৰা হয়।
জ্যোতি, পাৰ্বতী, ৰাভা আৰু ভূপেন্দ্ৰ এই চাৰি বিধ সংগীতক লৈ আয়োজন কৰা এই কৰ্মশালাখনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰৰ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। কৰ্মশালাখনত বিশিষ্ট সংগীত শিল্পী সদানন্দ গগৈয়ে মুখ্য প্ৰশিক্ষক, ভৱেশ গোস্বামী, হেমন্ত তালুকদাৰ আৰু নিৰঞ্জন দাসে সহযোগী প্ৰশিক্ষক হিচাপে ভাগ লয়।
উল্লেখযোগ্য যে, বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে প্ৰথমদিনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল কর্মশালাখন। কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলক বিশেষ জ্ঞান দিয়াৰ উদ্দেশ্যে তিনিটা বিশেষ দিনত প্ৰশিক্ষণৰ মাজতে স্থানীয় ঐতিয্য তথা বজালীৰ ইতিহাসৰ ওপৰত অৱসৰী অধ্যাপক মুনীন্দ্ৰ নাৰায়ন গোস্বামীয়ে, বজালীৰ কথিত ভাষাৰ ওপৰত সহযোগী অধ্যাপক গৌতম গোস্বামীয়ে আৰু পৰিবেশৰ ওপৰত অৱসৰী বিষয় শিক্ষক সুৰেন্দ্ৰ নাথ লাউজাৰীয়ে বক্তৃতা প্ৰদান কৰে।
কৰ্মশালাখনত পৰিদৰ্শনৰ বাবে উপস্থিত হোৱা বৰপেটা জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া বিদ্যুৎ বিকাশ দাসেও বক্তব্য প্ৰদান কৰে।