খবৰটো শুনি জেলৰ ভিতৰতে হুকহুকাই কান্দিলে চুমিয়ে...

পুনৰ জামিন নাপালে চুমি বৰাই। ডিব্ৰুগড় জেলতে থাকিব লাগিব চুমি,  তাৰ্কিক। বহু দিনৰে পৰা জামিনৰ বাবে আবেদন কৰি কৰি ভাগৰি পৰিছে চুমি। সোমবাৰে পুৱা ভাগতে 

author-image
Asomiya Pratidin
New Update
sumi

sumi Photograph: (sumi)

ডিজিটেল ডেস্কঃ পুনৰ জামিন নাপালে চুমি বৰাই। ডিব্ৰুগড় জেলতে থাকিব লাগিব চুমি,  তাৰ্কিক। বহু দিনৰে পৰা জামিনৰ বাবে আবেদন কৰি কৰি ভাগৰি পৰিছে চুমি। সোমবাৰে পুৱা ভাগতে  জামিন আবেদন নাকচ কৰাৰ খবৰ পোৱাৰ পাছতে জেলতে ভাগি পৰে চুমি। প্ৰাপ্ত খবৰ অনুসৰি, জেলৰ ভিতৰতে এই খবৰ শুনি হুকহুকাই কান্দি দিয়ে চুমিয়ে।

উল্লেখ কৰা প্ৰয়োজন যে,  চুমি বৰা, বিশাল ফুকনৰ জামিন আবেদন নাকচ কৰিছে আদালতে।  গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে ট্ৰেডিং কেলেংকাৰীৰ দুই অভিযুক্তৰ।  জামিন নাকচ হৈছে চুমি বৰাৰ স্বামী তাৰ্কিক বৰাৰ।  ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰটোত জামিন নাকচ কৰিছে আদালতে।

আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শায় অধিবক্তা মাখন ফুকনে।  

চুমি বৰা