/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/agrani-news.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰি কেবাবাৰো স্থানান্তৰ কৰিবলগীয়া হোৱা ঐতিহাসিক সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় পুনৰ খহনীয়াৰ কবলত পৰিছে। ১৯৪৭ চনত স্থাপন কৰা বিদ্যালয়খন স্থায়ীভাৱে নিৰ্মাণৰ বাবে জিলা প্ৰশাসনৰ পৰা ১৪.৫ বিঘা ভূমি আৱণ্টন দিয়া হৈছে।
স্থায়ী ভূমিখিনিত জি প্লাছ ওৱান আৰ চি চি বিল্ডিং গৃহ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে চৰকাৰে আৰ আই ডি এফ আঁচনিৰ পৰা ৬.৯৭ কোটি টকা আৱণ্টন দিছে। উক্ত ৭ কোটিটকীয়া জি প্লাছ ওৱান বিদ্যালয় গৃহ নিৰ্মাণৰ কাম শনিবাৰৰ পৰা আৰম্ভ কৰা হৈছে।
মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ উপস্থিতিত বিদ্যালয় গৃহ নিৰ্মাণৰ কাম আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই কাৰ্যসূচীত জিলা আয়ুক্তৰ লগতে অঞ্চলটোৰ বহু জ্যেষ্ঠ নাগৰিক আৰু বিদ্যালয়খনৰ শিক্ষক-প্ৰাক্তন শিক্ষক কৰ্মচাৰীসকল উপস্থিত থাকে।