/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/709a3671-43b7-4809-9037-a49e02eaa96f/928841b7-6e9d-4ba7-b04f-28a89bcc6310.jpg)
ডিজিটেল ডেস্কঃ মনত যদি থাকে প্ৰচুৰ সাহস আৰু কাম কৰাৰ প্ৰচণ্ড ইচ্ছা, তেন্তে কোনো পৰিস্থিতিয়ে এগৰাকী লোকক পিছুৱাই নিব নোৱাৰে। তাৰ জলন্ত সাক্ষী হৈছে সুৰেশ পুজাৰী নামৰ লোকগৰাকী। পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে ১০বছৰ বয়সতে মজদুৰী কৰিবলৈ লোৱা এই লোকগৰাকী বৰ্তমান ২২খনৰো অধিক বিলাসী ৰেষ্টুৰেন্টৰ মালিক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e426f5e3-4b2f-440d-8f64-6bbf2c2b4340/174bf1b4-d922-46ba-9e3e-10a4b1ae2d84-h.jpg)
কৰ্ণাটকৰ এখন সৰু গাঁৱত জন্ম হোৱা সুৰেশ পূজাৰী নামৰ এই লোকগৰাকীৰ সপোন আছিৱ ডাঙৰ। সেয়েহে তেওঁ গুচি আহিল মায়ানগৰাকী মুম্বাইলৈ। মুম্বাইত এখন ধাবাত বাচন ধোৱাৰ লগতে চাফ-চিকুণৰ কাম পাইছিল তেওঁ। পুৱাৰে পৰা নিশালৈকে কাম কৰি তেওঁ মাহিলী দৰমহা পাইছিল মাত্ৰ ৪টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b40cccfd-e7e7-4264-8352-45f98a2eeb81/images.jpg)
তেনেকৈয়ে দুটা বছৰ কাম কৰাৰ পাছত ধাবাৰ এগৰাকী লোকে তেওঁক এখন জুচৰ দোকানত কাম কৰিবলৈ ঠিক কৰি দিলে। তাৰ পিছতে তেওঁ এখন কেন্টিনত কাম কৰিবলৈ গৈ অনুভৱ কৰিলে যে শিক্ষাৰ অবিহনে জীৱনত বেছিদূৰ আগুৱাব নোৱাৰি। সেয়েহে তেওঁ দিনত কাম কৰি ৰাতি নৈশ স্কুললৈ যোৱাৰ কথা থিৰাং কৰিলে। কিন্তু কামৰ বোজাত তেওঁ নৱমমান শ্ৰেণীলৈকেহে পঢ়িব পাৰিলে।
কাম কৰি কৰি তেতিয়ালৈকে হাতত জমা হোৱা কিছু টকাৰে তেওঁ এখন পাৱ-ভাজিৰ দোকান আৰম্ভ কৰিলে। সুৰেশৰ দোকানৰ পাৱ-ভাজিৰ সোৱাদ এনে আছিল যে, অতি কম দিনৰ ভিতৰতে বিখ্যাত হৈ পৰিল দোকানখন। এদিন সুৰেশৰ দোকানলৈ পাৱভাজি খাবলৈ আহিল সেই সময়ৰ ট্ৰেড ইউনিয়নৰ অধ্যক্ষ জৰ্জ ফাণাণ্ডিজ। তেওঁৰ কিছু সহায়েৰে সুৰেশে দোকানখন অলপ ডাঙৰ কৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fd7c4d6e-c359-4866-ae18-1887a780f2cb/sukh-sagar-kammanahalli.jpg)
তাৰ পিছতে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই সুৰেশ পূজাৰীয়ে। বৰ্তমান সুখ-সাগৰ নামেৰে দেশৰ ভিন্ন প্ৰান্তত ২২খন বিলাসী ৰেষ্টুৰেন্ট আছে সুৰেশ পূজাৰীৰ। ভাৰতৰ প্ৰায় সকলো খানা উপলদ্ধ এই সুখ-সাগৰত। বৰ্তমান খাদ্য বিপনীৰ বাদেও আইচ ক্ৰীম আৰু ৩তাৰকাযুক্ত কেইবাখনো হোটেলৰ মালিক সুৰেশ পূজাৰী। বছৰি প্ৰায় ১০০কোটি টকা উপাৰ্জন কৰা সুৰেশৰ ৰেষ্টুৰেন্টত নিয়মীয়া গ্ৰাহক অমিতাভ বচ্চনৰ দৰে ডাঙৰ তাৰকা। এদিন ৪টকাৰ দৰমহাত কাম কৰা সুৰেশ পূজাৰীৰ এই যাত্ৰা বহুতৰ বাবে প্ৰেৰণাদায়ক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/506d7a02-746b-44b7-b318-ed02f7eaf10d/u2.jpg)
Also Read: মা, চাকি এগছি জ্বলাই দিয়া মই আৰু নাবাচিমঃ বিশাখাপট্টনমত হেৰাল ৰহাৰ ধীৰু...