/asomiyapratidin/media/media_files/2025/06/03/v0UMD2dCmK0s36lB9KhW.jpg)
স্পেইনত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ সুজিত
ডিজিটেল সংবাদ, শিৱসাগৰঃ গুৱাহাটী ক্ৰীড়া সন্থাই হাতত লোৱা এক দূৰদৰ্শী আঁচনিৰ অধীনত অসমৰ ১৯ বছৰৰ অনুৰ্ধৰ ১৭ জনীয়া সম্ভাৱনাময় ফুটবল খেলুৱৈ দলত নিৰ্বাচিত হৈছে শিৱসাগৰ জিলা বকতাৰ দেউৰীটিং চাহ বাগিছাৰ বাসিন্দা সুজিত কোচ। অতি দৰিদ্ৰ চাহ শ্ৰমিকৰ পৰিয়ালৰ সন্তান সুজিতৰ দলটোত অন্তৰ্ভুক্ত হোৱাৰ খবৰে বকতাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক উৎসাহিত কৰিছে। চাহ শ্ৰমিক লক্ষীৰাম কোচ আৰু দূৰ্গামনি কোচৰ পুত্ৰ তথা আঠাবাৰী উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰণীৰ ছাত্ৰ সুজিত।
১৭ জনীয়া এই দলটোৱে অহা জুলাই মাহত স্পেইনৰ মাৰদয়া ফুটবল ক্লাৱৰ অধীনত এক ১৪ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব। সুজিতৰ এই খবৰে আনন্দিত কৰিছে স্থানীয় ৰাইজক।