Advertisment

এতিয়াও শাম কটা নাই কেন্দ্ৰৰ অগ্নিপথ আচনিৰ বিৰোধিতাৰ পাৰ্শ্বক্ৰিয়াৰ…  

এতিয়াও শাম কটা নাই কেন্দ্ৰৰ অগ্নিপথ আচনিৰ বিৰোধিতাৰ পাৰ্শ্বক্ৰিয়াৰ…  

author-image
asomiyapratidin
New Update
এতিয়াও শাম কটা নাই কেন্দ্ৰৰ অগ্নিপথ আচনিৰ বিৰোধিতাৰ পাৰ্শ্বক্ৰিয়াৰ…  

ডিজিটেল ডেস্ক : তেলেংগানাৰ গোদাৱৰী নদীৰ পাৰত উদ্ধাৰ এজন ছাত্ৰৰ মৃতদেহ । আৰক্ষীৰ সন্দেহ অনুসৰি, আত্মহত্যাৰ বাবে নদীত জাপ দিছিল ছাত্ৰজনে । এই সন্দৰ্ভত, ছাত্ৰজনৰ পিতৃয়ে জনোৱা অনুসৰি ছাত্ৰজনে কেন্দ্ৰৰ অগ্নিপথ আচনিৰ বিৰোধিতাৰ বাবে হোৱা বিক্ষিপ্ত: কাৰ্যসূচীত অংশ লৈছিল । চিকন্দৰাবাদ ৰেল ষ্টেচনত প্ৰতিবাদকাৰীয়ে ৰেলগাড়ীসমূহ ধ্বংস কৰি জ্বলাই দিছিল এই   আন্দোলনত । তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এনে কাৰ্যসূচীত অংশগ্ৰহনকাৰীসকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছৰে পৰাই গ্ৰেপ্তাৰ হোৱাৰ আশংকাত ভুগিছিল ছাত্ৰজনে । ইয়াৰ ফলস্বৰূপেই ছাত্ৰজনে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল বুলি অনুমান কৰিছে আৰক্ষীয়ে । ইতিমধ্যে, তদন্তৰ বাবে আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াইছে ছাত্ৰগৰাকীৰ  মৃতদেহ ।

Advertisment

উল্লেখ্য যে, অগ্নিপথ আচনিৰ বিৰুদ্ধে চলিত বৰ্ষৰ জুন মাহত সমগ্ৰ দেশজুৰি আন্দোলন হৈছিল । পৰিস্থিতিৰ অধিক অৱনতি ঘটি মূলত: বিহাৰ, উত্তৰ প্ৰদেশ আৰু তেলেংগানাত সংঘটিত হৈছিল বিভিন্ন বিক্ষিপ্ত: ঘটনাৰ । 

আৰু পঢ়ক : কমনৱেলথত পদক বিজয়ী খেলুৱৈৰ সৈতে মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

telengana suicide agnipath