ডিজিটেল সংবাদ, বোকাখাতঃ এটা সময়ত অসমৰ এখন অন্যতম সাপ্তাহিক বজাৰ গোলাঘাট জিলাৰ বিহৰা বজাৰত গুৰ বুলি ক'লে গ্ৰাহকৰ প্ৰথম প্ৰচণ্ড আছিল দেৰগাঁৱৰ মিছামৰীয়া গাঁৱৰ গুৰ। আৰু দ্বিতীয় প্ৰচণ্ড আছিল বোকাখাতৰ কুৰুৱাবাহী অঞ্চলৰ চিনাকান গাঁৱৰ গুৰ। ধনশিৰি নদীৰ পলসুৱা উৰ্বৰ চাপৰিৰ পাৰৰে এই চিনাকান গাঁৱৰ গুৰৰ সোৱাদ, ৰঙৰ বাবেই বিহৰা বজাৰলৈ অহা দূৰ দূৰণিৰ গ্ৰাহকৰো প্ৰচণ্ড আছিল চিনাকানৰ গুৰ। ধনশিৰি চাপৰিৰ দাঁতিতে থকা গাঁৱখনৰ বিশাল কুঁহিয়াৰৰ খেতি, ঘৰে ঘৰে 'কুঁহিয়াৰ শাল', 'ফেলাই', আছিল চিনাকি ছবি।
সেই কুঁহিয়াৰৰ খেতি কেৱল গাঁৱখনৰ একো একোটা পৰিয়ালৰ বাবে কেৱল পৰম্পৰায়েই নাছিল, ই আছিল ঐতিহ্য-গৌৰৱো। সৰ্বোপৰি ই আছিল চিনাকান গাঁৱৰ সবল গ্ৰাম্য অৰ্থনীতিৰ ভেটিও। স্বাভাৱিকতেই সেইসময়ৰ যুৱচামৰ প্ৰায় সকলোয়েই অকৃত্ৰিম আগ্ৰহ আৰু নিজৰ অৰ্থনৈতিক কাঠামো শক্তিশালী কৰি ৰখাৰ স্বাৰ্থত কৰিছিল কুঁহিয়াৰৰ খেতি। কঠোৰ পৰিশ্ৰমৰ অন্ততহে একলহ গুৰ উৎপাদন হৈছিল যদিও এই পৰিশ্ৰম চহা জীৱনৰ পৰম শক্তি বুলিয়েই গ্ৰহন কৰিছিল তেওঁলোকে।
যদিও " ছয় পো বাৰ নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি"- বোলা এষাৰি আপ্তবাক্য প্ৰচলিত আছিল তথাপিও চিনাকানৰ গ্ৰাম্য জীৱনৰ বাবে এই খেতি আছিল যেন উদ্ধাম গ্ৰাম্য উদ্দীপনাৰ সমলহে। প্ৰায় ডেৰশ বছৰৰো পূৰ্বে অসমীয়া মানুহে বসবাস কৰি অহা ওখ ঠাইবোৰ ইংৰাজে চাহ খেতিৰ বাবে অধিকৃত কৰাৰ পাছত উপায়ন্তৰ হৈ নামনি অঞ্চলবোৰলৈ গাঁও পাতি বসবাস কৰিবলৈ নামি অহা কোনো পূৰ্বজেই হয়তো এই চিনাকানৰ নৈ পৰীয়া ভূমিতো আৰম্ভ কৰিছিল গাঁও পাতি বাস কৰাৰ পৰম্পৰা। আৰু তেনেদৰেই সৃষ্টি হোৱা চিনাকান গাঁৱলৈও তেওঁলোকৰ লগতেই আহিছিল ওখ মাটিত হোৱা ভাল খেতি কুঁহিয়াৰো। তেতিয়াৰ পৰাই চিনাকান গাঁৱৰ গ্ৰাম্য অৰ্থনীতিৰো অংগ হৈ পৰিছিল এই কুঁহিয়াৰ খেতি। গ্ৰাম্য পৰম্পৰাৰ এৰাব নোৱাৰা অংগ স্বৰূপ বিয়া-সবাহ, সকান-নিকাম, বৰসবাহ-ভাওঁনা আদিত গুৰৰ প্ৰয়োজন আছিল অপৰিসীম। তেনেস্থলত কুঁহিয়াৰ খেতি আছিল অপৰিহাৰ্য।
কিন্তু কালৰ সোঁতত যেন সেই উৎসাহ,উদ্দীপনা, গৌৰৱ, ঐতিহ্য হেৰাই গ'ল। কৃষি ভূমিৰ ওপৰত ধনশিৰি নদীৰ ব্যাপক গৰাখহনীয়া, কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ উপদ্ৰপ, সংকোচিত হৈ অহা বজাৰ, আধুনীক প্ৰযুক্তিৰ চৰা দাম, চৰকাৰৰ বিজ্ঞানসন্মত আঁচনি আৰু সা-সুবিধাৰ অভাৱৰ পৰা সৃষ্ট নতুন প্ৰজন্মৰ কৃষিৰ প্ৰতি অনিহা, তাতোকৈও ভাৰতীয় অৰ্থনীতিলৈ অহা LPG (উদাৰীকৰণ-ব্যক্তিগতকৰণ-গোলকীয়কৰণ) চুক্তিৰ প্ৰভাৱত বন্ধ হৈ যোৱা বৰুৱাবামুন গাঁৱৰ চেনীকল আদিৰ বাবেই আজিৰ সেই চিনাকান গাঁও কুঁহিয়াৰ শূন্য। সকান-নিকামৰ প্ৰয়োজনতো আজি 'এপাব কুঁহিয়াৰ'ৰ বাবে বজাৰৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ বাধ্য চিনাকানবাসী।
তথাপিও উল্লেখযোগ্য যে ২০০০ চন মানলৈকে ছেগা-চোৰোকা চিনাকান গাঁৱত কুঁহিয়াৰৰ খেতি হৈ আছিল, যদিও ই আছিল এপাচি শাকত এটা জালুকৰ দৰে। কিন্তু বৰ্তমান উপায়হীন ভাবে বিকল্প শ্ৰমৰ সন্ধানত থকা নতুন প্ৰজন্মৰ ওচৰত ঐতিহ্য, গৌৰৱময় ইতিহাস আদিতকৈও 'বিকল্প জীৱিকাৰ সন্ধান' অধিক বাস্তৱসন্মত বুলি বিবেচিত। সেইবাবেই অতীতৰ কৃষক পৰিয়ালবোৰৰ অধিকাংশই আজি কাঠ মিস্ত্ৰী, নিৰ্মাণ শ্ৰমিক নাইবা সমিপৰ নুমলীগড় তেল শোধনাগাৰত দৈনিক হাজিৰা কৰ্মত ব্যস্ত। যিটো পৰিয়ালৰ এটা সময়ত আছিল বিশাল কুঁহিয়াৰ খেতিৰ ঐতিহ্য সেই পৰিয়ালৰ আজিৰ প্ৰজন্মই হয়তো এখন 'ফেলাই', এটা 'জালি গাঁত', বা এখোল 'ফেন গুৰ'ক কোনো পধ্যেই চিনি নাপাব।