কুঁহিয়াৰ খেতিয়কক ৮,১২৬ কোটি টকা পৰিশোধ চেনী মিলৰঃ প্ৰহ্লাদ যোশী

১৩ ডিচেম্বৰলৈকে কুঁহিয়াৰৰ মুঠ মূল্য ১১,১৪১ কোটি টকা আছিল, ইয়াৰে ৩০১৫ কোটি টকা এতিয়াও বাকী আছে বুলি সংসদত জনাই কেন্দ্রীয় খাদ্য ও ভোক্তা বিষয়ক মন্ত্রী প্ৰহ্লাদ যোশীয়ে

author-image
Asomiya Pratidin
New Update
d

ডিজিটেল ডেস্কঃ  ২০২৪-২৫ বৰ্ষত কুঁহিয়াৰ খেতিয়কক চেনী মিলে ৮,১২৬ কোটি টকা পৰিশোধ কৰা বুলি বুধবাৰে লোকসভাত প্ৰকাশ কৰে কেন্দ্রীয় খাদ্য ও ভোক্তা বিষয়ক মন্ত্রী প্ৰহ্লাদ যোশীয়ে। ১৩ ডিচেম্বৰলৈকে কুঁহিয়াৰৰ মুঠ মূল্য ১১,১৪১ কোটি টকা আছিল, ইয়াৰে ৩০১৫ কোটি টকা এতিয়াও বাকী আছে। 

কৰ্ণাটকৰ সৰ্বোচ্চ বাকী ১৪০৫ কোটি টকা। ইয়াৰ পাছতে আছে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ। উল্লেখ্য যে, ভাৰতত অক্টোবৰৰ পৰা ছেপ্তেম্বৰলৈ কুঁহিয়াৰ খেতিৰ সময়। মন্ত্ৰী যোশীয়ে কুঁহিয়াৰৰ বাকী থকা ধন হ্ৰাসৰ কাৰণ চলি থকা নীতিগত হস্তক্ষেপ বুলি সংসদত জনায়।

বিগত ২০২৩-২৪ বৰ্ষত মুঠ কুঁহিয়াৰৰ বাবদ ১,১১,৬৭৪ কোটি টকাৰ ভিতৰত প্ৰায় ১,১০,৩৯৯ কোটি টকা পৰিশোধ কৰা হৈছে। যাৰ ফলত ১৩ ডিচেম্বৰলৈকে মাত্ৰ ১,২৭৫ কোটি টকা বাকী আছে। কাৰ্যকৰীভাৱে বাবদ ধনৰ ৯৯ শতাংশ মুকলি কৰি দিছে।

প্ৰহ্লাদ যোশী