/asomiyapratidin/media/media_files/2025/10/21/25-2025-10-21-16-04-51.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ কেবাটাও চৰকাৰী কাৰ্যালয়ত মঙলবাৰে শোণিতপুৰ জিলা আয়ুক্তই হঠাৎ পৰিদৰ্শন কৰে ৷ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰ,জামুগুৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়কে ধৰি কেবাটাও চৰকাৰী প্ৰতিষ্ঠান পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে সেই সমূহ শীঘ্ৰে সমাধানৰ আশ্বাস দিয়ে ৷
দুই এক অভাৱ তথা সমস্যাৰ মাজতো নিজৰ সৰ্বস্ব অভিজ্ঞতা উজাৰি চৰকাৰী কৰ্মচাৰীসকলক সেৱাৰ মনোবৃত্তিৰে দায়িত্ব পালন কৰিবলৈ আহবান জনাই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ৷