/asomiyapratidin/media/media_files/2025/02/11/jpKwyU51v5dHD8YFVPd1.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ সফলতাৰে সামৰণি পৰিল কচুৱাত অনুষ্ঠিত ইছলামধৰ্মীয় লোকৰ ধৰ্মীয় অনুষ্ঠান ইস্তেমা ।হাজাৰ হাজাৰ মুছলমানে একেলগে বিশ্ব শান্তিৰ বাবে দোৱা কৰে ইস্তেমাস্থলীত।
৯ ফেব্ৰুৱাৰীৰ পৰা নগাঁৱৰ কচুৱাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল ইস্তেমাৰ । প্ৰত্যেকটো দিনাই ইস্তেমাস্থলীত ভিৰ কৰিছেহি বিভিন্ন ঠাইৰ পৰা অহা ইছলামধৰ্মীয় লোকসকলে ।
আজি শেষৰ দিনা সকলোৱে ইস্তেমাস্থলীত বিশ্ব শান্তিৰ কামনাৰে নেদেখাজনৰ ওচৰত দোৱা-প্ৰাৰ্থনা জনায় । উক্ত দোৱা কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ মুছলমান ভক্তই অংশ লয়। দোৱা কাৰ্যসূচীত অংশ লোৱাৰ বাবে সোমবাৰৰ পৰাই কচুৱালৈ বিভিন্ন লোকৰ সমাগম পৰিলক্ষিত হৈছিল ।
আজিৰ এই সমূহীয়া দোৱা কাৰ্যসূচীত অংশ লয় বাংগালুৰুৰ আকবৰ শ্বেখ নতবি ;হাচান শ্বৰিফ নতবি আৰু ৰফিক আহমেদ। মধ্য অসমৰ ৯ খন জিলাৰ ভিত্তিত অনুষ্ঠিত হোৱা এই ইস্তেমাৰ কাৰ্যসূচীসমূহ সফল কৰিবৰ বাবে বিগত দুটা মাহে প্ৰচেষ্টা হাতত লৈছিল কচুৱাবাসীয়ে।
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমান লোকসকলে নিজা শ্ৰমদানৰে নিৰ্মাণ কৰিছে মূল মণ্ডপকে ধৰি অতিথিশালা, অনুসন্ধান কক্ষ আদিৰ । ইস্তেমাৰ দিনকেইটাত যান-যটকে ধৰি বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে আয়োজক সকলৰ লগতে প্ৰশাসনে বিশেষ পদক্ষেপ হাতত লৈ অনুষ্ঠান সূচাৰুৰূপে অনুষ্ঠিত হোৱাত সহায় কৰে ।