/asomiyapratidin/media/media_files/2025/07/19/439-2025-07-19-10-29-37.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাৰ পৰিকল্পনা আৰু বিশেষ তৎপৰতাত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা চামাৰ চাইন কেম্প ৩.০ শুক্ৰবাৰে সফলতাৰে সামৰণি পৰে। গহপুৰ সমজিলা কাৰ্য্যলয়ৰ সভাকক্ষত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই শৈক্ষিক শিৱিৰৰ কাৰ্য্যসূচী তিনিটা ভাগত অনুষ্ঠিত হয়।
প্ৰথম দিনাৰ কাৰ্য্যসূচীত প্ৰশাসনিক সেৱা, বিজ্ঞান, চিকিৎসা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত জিলিকি উঠা গহপুৰৰ কেইবাজনো ন-ন প্ৰতিভাক লৈ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু গহপুৰ সমজিলা আয়ুক্ত লুকুমণি বৰা উপস্থিত থকা উক্ত অনুষ্ঠানটোত গহপুৰৰ বিভিন্ন ক্ষেত্ৰৰ ন-ন প্ৰতিভাসকলে যি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ কেনেকৈ সফলতা লাভ কৰিব পৰা যায়, সেই বিষয়ে বুজাই কয়।
অনুষ্ঠানটোত উপস্থিত থাকি সমজিলা আয়ুক্ত লুকুমণি বৰাই মুখস্থ বিদ্যাৰ সলনি প্ৰতিটো বিষয়ক খৰছি মাৰি হৃদয়ংগম কৰাৰ ওপৰত গুৰুত্ব দিবলৈ ছাত্র-ছাত্ৰীসকলক অনুৰোধ কৰে। দ্বিতীয় দিনা অনুষ্ঠিত হোৱা "বিজ্ঞান আৰু কিতাপৰ সৈতে খেলো আঁহক" শীৰ্ষক অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া নমিতা বৰা আৰু পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক তথা এপিটাইছিয়া লাৰ্নিং হাবৰ পৰিচালক নৱদ্বীপ শইকীয়া।
অনুষ্ঠানত চক্ৰ বিষয়া নমিতা বৰাই বিজ্ঞানৰ জনপ্ৰিয় কৰণৰ ক্ষেত্ৰত শিক্ষক নৱদ্বীপ শইকীয়াই গ্ৰহণ কৰি অহা পদক্ষেপসমূহৰ শলাগ লৈ কয় যে যি কোনো এটা বিষয়বস্তুৰ ভিতৰলৈ সোমাই গৈ সেই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিলে নিশ্চয় এগৰাকী সফল ছাত্র বা ছাত্ৰী হ'ব পৰা যায়। অনুষ্ঠানটোত পদাৰ্থ বিজ্ঞানৰ শিক্ষক নৱদ্বীপ শইকীয়াই বিজ্ঞানৰ বহু গুৰুত্বপূৰ্ণ বিষয় সৰলভাৱে বুজাই কয় ছাত্র- ছাত্ৰীসকলক।
অন্তিম দিনাৰ "প্ৰযুক্তিৰ ন-ন কথাবোৰ জানো আঁহক" শীৰ্ষক অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাণাদীপ চুতীয়া আৰু গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষ ভড়ালী । এই অনুষ্ঠানটোৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলক বিজ্ঞান প্ৰযুক্তিৰ সম্পৰ্কত বহু বোৰ বিষয়ৰ ওপৰত আলোকপাত কৰা হয়।
উক্ত শিৱৰটোৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভাসমূহ ফুটাই তোলে। গহপুৰ প্ৰশাসনৰ উদ্যোগত একেৰাহে তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা এই চামাৰ চাইন কেম্প ৩.০ শিৱিৰৰ তিনিওদিনৰ কাৰ্য্যসূচী সফল কৰি তোলাৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে সমজিলা আয়ুক্ত লুকুমণি বৰাই।
চৰকাৰী কামৰ সীমাহীন ব্যস্ততাৰ মাজত সময় উলিয়াই ছাত্র-ছাত্ৰীসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে লুকুমণি বৰাই গ্ৰহণ কৰা এই পদক্ষেপক শলাগ গৈছে গহপুৰৰ বৌদ্ধিক সমাজে। অনুষ্ঠানত অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ নিৰ্বাচিত ৬০ গৰাকী ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।