/asomiyapratidin/media/media_files/2025/08/01/ap-for-web-fjfgyt-2025-08-01-09-57-50.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰা : সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সংখ্যালঘু অঞ্চলত শিক্ষাৰ উত্তৰণৰ বাবে আৰম্ভ কৰিছে "ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা'' শীৰ্ষক কাৰ্য্যসূচীৰ। ইয়াৰে অংশ হিচাপে পানবাৰী, কাউনবাৰী আৰু আলমগঞ্জ ৰঙামাটি আঞ্চলিক আমছুৰ উদ্যোগত গৌৰীপুৰ পানবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এমাহ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰূপায়ণ কৰা বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সফল সামৰণি পৰে।
এই গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ কাৰ্যসূচীত উপস্থিত থাকে বিলাসীপাৰা জিলা আমছুৰ সভাপতি প্ৰমুখ্যে কৰি বহু আমছুৰ নেতা কৰ্মীৰ লগতে শিক্ষাগুৰুসকল। এই সামৰণি অনুষ্ঠানত আমছুৰ ফালৰ পৰা বিনামূলীয়া পাঠদান শিবিৰত পাঠদান কৰা শিক্ষা গুৰু সকলোক মানপত্ৰ আৰু বিশেষ সম্ভৰ্ধনা জ্ঞাপন কৰে।
লগতে পাঠদান শিবিৰৰ অন্তিম পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ বিতৰণ কৰে আমছুৱে।