সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি

শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত শিৱসাগৰ যুৱদলত অনুষ্ঠিত ৰামধেনু যুগৰ কবি বেণু চিৰিং সোঁৱৰণী চতুৰ্দশ সংখ্যক সদৌ অসম শিশুনাট সমাৰোহখনি সফলভাৱে সামৰণি পৰে ৷

author-image
Asomiya Pratidin
New Update
AP FOR67h

ডিজিটেল সংবাদ, শিৱসাগৰ : অসমৰ বিভিন্ন প্ৰান্তৰ শিশুসকলৰ নাট্য প্ৰতিভা বিকাশৰ বাবে দূৰদৰ্শী যুৱক পাৰ্থ প্ৰতীম বৰা, নাট্যকাৰ জিতুজ্যোতি গায়ন, আকাশ দুৱৰী, সাংবাদিক জয়জ্যোতি গগৈ, ডা° গোবিন্দ সন্দিকৈ, ৰাতুল ভৰালী, প্ৰশান্ত বৰগোহাঁই, ৰমা গগৈ, শিল্পী ৰূপম বেজবৰুৱাৰ, মনোজ কোৱঁৰ, ঋতুপৰ্ণ বৰগোহাঁই, চিন্ময় শৰ্মা, গৌৰাঙ্গ দত্ত, কৌশিক ফুকন, অসীম আকাশসহিতে ভালেসংখ্যকে শিৱসাগৰত সুদীৰ্ঘ ১৪ টা বছৰধৰি সদৌ অসম ভিত্তিত শিশুনাট সমাৰোহ অনুষ্ঠিত কৰি আহিছে ৷ শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত শিৱসাগৰ যুৱদলত অনুষ্ঠিত ৰামধেনু যুগৰ কবি বেণু চিৰিং সোঁৱৰণী চতুৰ্দশ সংখ্যক সদৌ অসম শিশুনাট সমাৰোহখনি সফলভাৱে সামৰণি পৰে ৷

বিশিষ্ট নাট্যকৰ্মী বিশ্ব শইকীয়া সোঁৱৰণী নাট্যমঞ্চত আয়োজিত সমাৰোহত ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন প্ৰান্তৰ ৪৩ টা শিশু নাট্য দলে অংশগ্ৰহণ কৰে ৷ সমাৰোহ উদ্ধোধন কৰে শিক্ষাবিদ বুদ্ধিন মিশ্ৰই ৷ তাৰ পিছতেই প্ৰশান্ত বৰগোহাঁইৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে জয়জ্যোতি গগৈয়ে ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি এনামউদ্দিন আমেদে শিশুসকলক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে ৷ তেওঁ এমুঠিমান উদাৰ আৰু আধুনিক মনৰ মানুহে শিশুৰ নাট্য প্ৰতিভা বিকাশৰ বাবে চৈধ্য বছৰে এই ব্যয়বহুল অনুষ্ঠান অনুষ্ঠিত কৰি অহা কাৰ্যক প্ৰশংসা কৰে ৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সৰ্প বিশেষজ্ঞ ডা° সুৰজিৎ গৰিক “সৌৰভ প্ৰাণ শিৱসাগৰ” বঁটা প্ৰদান কৰা হয় ৷ সমাৰোহত বিশ্বনাথ চাৰিআলিৰ বৰ্ণম নাট্যচৰ্চা কেন্দ্ৰৰ অসীম কুমাৰ নাথৰ ৰচিত-পৰিচালিত নাট ‘বিড়াল তপস্বী’ আৰু শিৱসাগৰ হাঁহচৰাৰ ৰামধেনু নাট্য গোষ্ঠী নয়ন য়েইনৰ ৰচিত পলাশ প্ৰতিম মেচৰ পৰিচালিত ‘ঈচেঙৰ সাধু’য়ে যুটীয়াভাৱে শ্ৰেষ্ঠ নাটৰ সন্মান লাভ কৰে ৷

আনহাতে বিশ্বনাথৰ ৰং নাটচ'ৰাৰ জ্যোতিপ্ৰসাদ ভূঞাৰ ৰচিত আৰু তপন গোস্বামীৰ পৰিচালিত ‘পোত যোৱা কাহিনী’ আৰু শিৱসাগৰৰ এম্বুজেশ দ্য ৰাইজিং চানৰ উজ্জ্বল খনিকৰৰ ৰচিত আৰু বন্দনা শইকীয়া, ৰাতুল দুৱৰাৰ পৰিচালিত ‘আকাশৰ সাতোৰঙী ৰামধেনু’ নাট দুখনে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ৷ শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্যদলৰ সন্মান অৰ্জন কৰে লাকুৱা উজ্জীৱন মইনা পাৰিজাতৰ ‘এন্থেৰিয়া আছামেনছিছ এণ্ড এট্টাকাচ ৰিচিনি’ নাটখনে ৷

WhatsApp Image 2025-08-02 at 9.54.04 AM

ইফালে নাট্যম দ্য চাইল্ড একাডেমীৰ ‘লোভেই পাপ পাপত ভাগিল গুৰিদাঁত’, লখিমপুৰৰ পূৱেৰুণ মইনা পাৰিজাতৰ ‘স্বৰ্গযাত্ৰা’, শিৱসাগৰৰ সন্ধিয়াৰ সুৰ মইনা পাৰিজাতৰ ‘মই টুনীয়ে টুনটুনালো’, শতশব্দ এক্টিং স্কুলৰ ‘গোহালি ঘৰৰ দূৰদৰ্শন’, পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ ‘ধূলিকণাৰ দৰ্পচূৰ্ণ’, দেৰগাঁৱৰ শান্তি মিলন সাংস্কৃতিক গোষ্ঠীৰ ‘ভাওনাত খেলিমেলি’ নাটকেইখনে প্ৰেৰণা বঁটা লাভ কৰে।

অন্যান্য শিতানত নিলীম নয়নে শ্ৰেষ্ঠ অভিনেতা, প্ৰিয়াসী ভট্টই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। একেদৰে ভক্তিমন্ত গগৈয়ে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা, কৃষাংগী খাউণ্ডে দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হয়। শশাংক কলিতাই তৃতীয় শ্ৰেষ্ঠ অভিনেতা, ৰৌচনী আৰা ৰহমানে তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, মৃগাংক মান্যমে শ্ৰেষ্ঠ সহঃ অভিনেতা, কুশিকা বৰাই শ্ৰেষ্ঠ সহঃঅভিনেত্ৰী, ঋষভ কোঁৱৰে দ্বিতীয় শ্ৰেষ্ঠ সহঃ অভিনেতা, কস্তুৰিকা বৰাই দ্বিতীয় শ্ৰেষ্ঠ সহঃঅভিনেত্ৰীৰ সন্মান লাভ কৰে।

আনহাতে পিনাকপানী গগৈয়ে তৃতীয় শ্ৰেষ্ঠ সহঃঅভিনেতা, হেপী ৰাজবংশীয়ে তৃতীয় শ্ৰেষ্ঠ সহঃঅভিনেত্ৰী হিচাপে বিবেচিত হয় ৷ নাট পৰিচালনাৰ ক্ষেত্ৰত পলাশ প্ৰতীম মেচ শ্ৰেষ্ঠ, অসীম কুমাৰ নাথ দ্বিতীয় আৰু নিতুল ভূঞাই তৃতীয় স্থান লাভ কৰে ৷

শ্ৰেষ্ঠ, দ্বিতীয় আৰু তৃতীয় সংগীত পৰিচালকৰ খিতাপ লাভ কৰে ক্ৰমে ত্ৰিদীপ বৰপাত্ৰগোহাঁই, ৰিতুপণ দত্ত, ভাস্কৰ শৰ্মাই ৷ কলা নিৰ্দেশনাত চন্দন গগৈ, দীপাংকৰ বড়া, ৰেকিবুৰ ৰহমানে ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান আৰু প্ৰতিভাৱান শিশু অভিনেতা-অভিনেত্ৰীৰ বঁটা নীলাভ গগৈ, পাৰ্থপ্ৰতীপ বৰা, বৰ্ণিল হাজৰিকা, প্ৰজ্ঞানদীপ নেওগ, অন্তৰীপ নেওগ, অসীম দাস, ৰিয়াঞ্চ ভূঞা, সুমন দত্ত, স্পন্দন কৌশিক হাজৰিকা, জ্ঞানম শৰ্মা, কবিতা দেউৰী, ত্ৰিবেণী গগৈ, সুকৃতি সংস্কৃতা লাহন, হিমস্নাতা হাজৰিকা, পাহি মাউৎ, মল্লিকা কুটুম, আৰ্নিষ্ঠা প্ৰিয়ম, ভাৰ্মিকা বৰুৱা, ফইলিনা বৰা, প্ৰতীক্ষা হাজৰিকাই লাভ কৰে ৷

WhatsApp Image 2025-08-02 at 9.54.01 AM

ইফালে প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠ পাণ্ডুলিপিৰ বঁটা লাভ কৰে ক্ৰমে জ্যোতিপ্ৰসাদ ভূঞা, কৈলাশ নেওগ, দীপক দত্তই৷ ঋষভ বুঢ়াগোহাঁয়ে শ্ৰেষ্ঠ কৌতুক শিল্পী, প্ৰদ্যোৎ দত্ত, বেদান্ত দত্তই। শ্ৰেষ্ঠ ৰূপসজ্জা, ৰাতুল হাজৰিকাই শ্ৰেষ্ঠ আলোকজ্জা, বাবা বৰঠাকুৰে দ্বিতীয় শ্ৰেষ্ঠ আলোকসজ্জা শিল্পীৰ সন্মান লাভ কৰে ৷ 

ট্ৰফী আৰু প্ৰশংসা পত্ৰৰ লগতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলক ক্ৰমে ৩০ হাজাৰ, ১৫ হাজাৰ, ১০ হাজাৰ টকা, শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলক পাঁচ হাজাৰ, ছটা প্ৰেৰণা বঁটা লাভ কৰা নাট্যদলক চাৰিহাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। আনহাতে সমাৰোহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ অপৰাজিতা দাস বৰুৱাক ‘অসম মহিলাউদ্যোগী সেনা সন্মান’, লখিমপুৰৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক প্ৰণৱ শৰ্মাক বিশিষ্ট সংগীত পৰিচালক ‘তাৰিণী চেতিয়া সোঁৱৰণী অসম নাট্যজ্যোতি বঁটা’, গোলাঘাটৰ বিশিষ্ট নাট্য সংগঠক পংকজ ৰাজখোৱাক বিশিষ্ট অভিনেতা-পৰিচালক ‘কিৰণ গগৈ সোঁৱৰণী অসম নাট্য অৰুণোদয় বঁটা’ প্ৰদান কৰা হয় ৷

WhatsApp Image 2025-08-02 at 9.54.03 AM

প্ৰতিযোগীসকলক বঁটা প্ৰদান অনুষ্ঠানত সমাজকৰ্মী পিকু চিৰিং, ড০ আছফিয়া চুলতানা, ৰূপা বৰা, মনোজ চাংবুন ফুকন, প্ৰশান্ত গগৈ, শিৱসাগৰ নাট্য বিদ্যালয়ৰ অধ্যক্ষ ৰূপম বেজবৰুৱা, সভাপতি ডাঃ গোবিন সন্দিকৈ, মুখ্য সম্পাদক জিতুজ্যোতি গায়ন, উদ্‌যাপন সমিতিৰ সভাপতি ৰমা গগৈ, কাৰ্যকৰী সভাপতি ৰাতুল ভৰালী, মুখ্য সম্পাদকদ্বয় আকাশ দুৱৰী, উৎপল সোণোৱাল, মুখ্য ব্যৱস্থাপকদ্বয় পাৰ্থ প্ৰতীম বৰা, ঋতুপৰ্ণ বৰগোহাঁই, কোষাধ্যক্ষ কমল চিৰিঙৰ লগতে প্ৰশান্ত বৰগোহাঁই, কৌশিক ফুকন, অসীম আকাশ, চিন্ময় শৰ্মা, গৌতম কোচ, শিল্পী হাতীবৰুৱা দাস, গৌৰাংগ দত্ত, ৰীণা গগৈ, পৰী গগৈকে ধৰি উদ্‌যাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ 

নাট সমাৰোহ