/asomiyapratidin/media/media_files/2025/02/09/hlhB1fgkS5IdThQjIu9m.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কণকণ শিশুৰ কলৰৱত মুখৰ ৰাইডঙীয়া। কুইজ, ভেশচন, অকণিৰ মুকলি সভা, অভিনয়, প্ৰজ্ঞা সাধনা, ভাষণ, বৰগীত পৰিৱেশনেৰে মুখৰিত হৈ পৰে ৰাইডঙীয়া অঞ্চল ।
উল্লেখযোগ্য যে শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান "বিকাশ"ৰ উদ্যোগত শিশু সকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদেশ্যে অনুষ্ঠিত কৰা হৈছে শিশু সমাৰোহ। শিশুৰ বাবে উৎসৰ্গিত সংগঠন 'বিকাশ'ৰ উদ্যোগত আৰু ক্ৰান্তিকাল প্ৰকাশনৰ সহযোগত শনিবাৰৰে পৰা দুদিনীয়াকৈ ৰাইডঙীয়া পাঁচআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে শিশু সমাৰোহ।
শিশু সমাৰোহত গীত-মাত, অভিনয়, প্ৰজ্ঞা সাধনৰ মাজেৰে কণকণ শিশু সকল উজ্বলি উঠিল। কোনোৱে যদি গীত গাইছে, কোনোৱাই অভিনয় কৰিছে আৰু কোনোৱে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, কোনোৱে বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে অসমৰ গ্ৰাম্য জীৱন, পিতৃ-মাতৃৰ কৰ্তব্য, পুথি অধ্যয়ন, নিয়মানুৱৰ্তিতা, শিশুৰ চৰিত্ৰ গঠন, স্বাস্থ্যৰ যত্ন, প্ৰকৃতি ৰক্ষা বিষয়ৰ বক্তৃতা প্ৰদান কৰে ।
আজি পুৱা থিতাতে লিখা ৰচনা প্ৰতিযোগিতাৰ পাছত ১২ বজাত অনুষ্ঠিত কৰা হয় কুইজ প্ৰতিযোগিতা। "প্ৰকৃতি" বিষয়ক কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে ‘’সাদিন প্ৰতিদিন গোষ্ঠী’’ৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই। ইয়াৰ পিছত ভেশছন প্ৰতিযোগিতাত ন্যায়মূৰ্তি, যিশুখৃষ্ট, সাংবাদিক আদি বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰি শিশুসকলে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।
ইয়াৰ সমান্তৰালভাৱে অঞ্চলৰ কণমানি সকলৰ এখনি মুকলি সভাও অনুষ্ঠিত হয়। কণমানি দৃষ্টি নয়না বৰাৰ সভাপতিত্বত অনুষ্ঠিত অকণিৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম মান শ্ৰেণীৰ ছাত্ৰ দৃষ্টিনন্দন কৈৱৰ্ত, অনুভৱ বিশ্ব, শৰ্মিষ্ঠা শইকীয়া, ৰৌজী পাটৰ, জোনাক জ্যোতি বৰুৱা, অমৰজিৎ বৰা, ইলিয়ানা কাশ্যপ, যুগস্মৃতা কলিতা, শুমলা বৰা, গৰিয়সী বৰা, বিদ্যাংগনা বৰা, ক্ষ্যাতি হাজৰিকাৰ মনোৰম ভাষণত উপস্থিত ৰাইজ মন্ত্ৰমুগ্ধ হৈ পৰে।
শিশু দীপশিখা হিলৈদাৰীয়ে আঁত ধৰা অকণিৰ সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা নমিতা কলিতাই। শেষত শলাগৰ শৰাই আগবঢ়ায় লাচিত বৰদলৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us