/asomiyapratidin/media/media_files/2025/07/06/330-2025-07-06-21-22-14.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰৰ শ্বহীদ ভৱনত ৰাজনীল ডেন্স একাডেমীৰ উদ্যোগত আয়োজিত চম্পাৱতী নৃত্য মহোৎসৱৰ কাৰ্যসূচীৰ শনিবাৰে নিশা সফল সামৰণি পৰে। বিদ্যালয়খনৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজনীল ডেন্স একাডেমীৰ পৰিচালন সঞ্চালিকা নীলাঞ্জনা বেজবৰুৱাৰ তত্বাৱধানত আয়োজিত উক্ত অনুষ্ঠানতে অভিনেত্ৰী কল্পনা কলিতাক "শিল্পী সাধনা বঁটা ২০২৫" প্ৰদান কৰা হয়।
অভিনেত্ৰীগৰাকীয়ে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাজনীল ডেন্স একাডেমীয়ে এই বঁটা প্ৰদান কৰে।
এই বঁটাত আছে এখন গামোচা, এখন শৰাই, এটা স্মাৰক, অংগ বস্ত্ৰ আৰু সম্বৰ্ধনা পত্ৰ ।
আনহাতে চম্পাৱতী নৃত্য মহোৎসৱৰ আৰম্ভণিতে বঢ়মপুৰৰ সমাজকৰ্মী ৰীনা দাস বৈষ্ণৱে বন্তি প্ৰজ্বলন কৰাৰ পাছতেই চম্পাৱতী নৃত্য মহোৎসৱৰ শুভ উদ্বোধন কৰে ৰাজনীল ডেন্স একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজু শইকীয়াই। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নৃত্য গুৰু জয়জিৎ কাশ্যপ,কাবেৰী কাকতি, পূজাশ্ৰী বৰা, বনশ্ৰী শৰ্মা কলিতা, জ্যোতিপ্ৰসাদ বৰুৱা, সাংস্কৃতিক কৰ্মী সংগীতা বড়ো আৰু জ্যোতিপ্ৰসাদ বৰা উপস্থিত থাকে।
মীনাক্ষী বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত নিশালৈ মডেলিং শ্ব'অনুষ্ঠিত হয়। কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰীয়ে শুভ উদ্বোধন কৰা মডেলিং শ্ব'ৰ কাৰ্যসূচীত জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ ৰাজ আৰিয়ান আগমাচাৰ্য, ভাস্বতী বৰুৱা আৰু বৰষাৰাণী বৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকে।