Advertisment

ধেমাজিত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাট সমাৰোহৰ সফল সামৰণি

সদৌ অসম পদ্মনাথ গোহাঁই বৰুৱা সোৱঁৰণী একাংকিকা নাট প্ৰতিযোগিতাৰ স্থায়ী সমিতিৰ উদ্যেগত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰীৰ ডাঃ ৰনোজ পেগুৰ পৃষ্ঠপোষকতা ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহ।

author-image
Asomiya Pratidin
New Update
natak

natak

ডিজিটেল সংবাদ, ধেমাজি : সদৌ অসম পদ্মনাথ গোহাঁই বৰুৱা সোৱঁৰণী একাংকিকা নাট প্ৰতিযোগিতাৰ স্থায়ী সমিতিৰ উদ্যেগত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰীৰ ডাঃ ৰনোজ পেগুৰ পৃষ্ঠপোষকতা ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট সমাৰোহ। এই নাট সমাৰোহখনি সোমবাৰে সফলভাৱে সামৰণি পৰে ৷ 

Advertisment

উল্লেখ্য যে প্ৰথম দিনা সাংসদ প্ৰদান বৰুৱাই বন্তি প্ৰজ্বলনেৰে নাট সমাৰোহৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণী কৰে। ইয়াৰ পিছতেই বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰগোঁহায়ে ৰচনা কৰা মেকবেথ ড্ৰামাৰ “ৰজা যিদিনা মাক হয় ” মঞ্চস্থ কৰা হয়। নাটখনি ধেমাজিৰ পংকজ চেতিয়া, সন্তোষ বুঢ়াগোহাঁই আৰু উদিপ্ত বৰপাত্ৰগোহাঁইয়ে পৰিচালনা কৰিছে। 

natak
natak

 

লগতে উক্ত দিনাই আলোকৰ সন্ধানত, তেজপুৰৰ প্ৰভাত গোস্বামীৰ ৰচনা নাটক “আই” নামৰ নাটখন মঞ্চস্থ কৰা হয় ৷ শেষৰ দিনা দেওবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভণী কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷  

ডাঃ পেগুৱে কয় যে সকলোৱে সমান, সকলোখিনি চৌষষ্ঠি ক'লা প্ৰকাশ কৰা, চৰ্চা কৰাৰ যদি মাধ্যম আছে সেইটোৱে হৈছে নাটক ৷ এই নাটক আদিম কালৰে পৰাই মানুহে কৰি আহিছে ৷ এই নাটক এনেকুৱা এক  মাধ্যম যে যি মাধ্যমৰ জৰিয়তে সমাজ পৰিবৰ্তনৰ কাৰণে, সমাজ সুশৃংখলিত আৰু সংযোজিত কৰিবৰ কাৰণে নাটক ব্যৱহাৰ কৰা হৈছে ৷ 

natak
natak

 

তেওঁ প্ৰসংগক্ৰমে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰি কয় যে মহাপুৰুষজনাই সমাজত উদ্ভৱ হোৱা অন্যায় ,অবিচাৰ নাইকিয়া কৰি শৃংখলিত আৰু এক সুষ্ট সমাজ গঢ় দিয়া ক্ষেত্ৰত শংকৰদেৱে কৰা মাধ্যম নাটকৰ কথাও উল্লেখ কৰে ৷ ভাষণত তেওঁ ধেমাজিত নতুনকৈ নিৰ্মাণ হৈ থকা ইন্টিগেটেত জিলা আয়ুক্ত কাৰ্য্যালয়টো ২০২৫ত আৰু ধেমাজি চিকিৎসা মহাবিদ্যালয়খনি ২০২৬ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি অৱগত কৰে। 

উক্ত চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদতে এটা প্ৰেক্ষাগৃহ আৰু বৰ্তমানে থকা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ স্থানত ধেমাজিবাসীৰ এটি সবাংগৰ সুন্দৰ কন্ট'ভেনচনেল চেন্টা নিৰ্মান কৰা হ'ব বুলি কয়৷ নিৰ্মান হ'বলগীয়া  কন্ট'ভেনশ্বনেল চেন্টাৰটোত উন্নত ধৰণে নাটকৰ পৰা ধৰি ধেমাজি নগৰখনৰ সকলো ধৰণৰ সভা আদি অনুষ্ঠিত কৰিবলৈ সুবিধা হ'ব বুলি মন্তব্য কৰে ৷

natak
natak

 

ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বিভাগীয়ভাৱে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলিও ভাষণত উল্লেখ কৰে ৷ ইয়াৰ পিছত শেষৰ দিনা মঞ্চস্থ হয় প্ৰয়াত গনেশ গগৈ আৰু পংকজ গোস্বামীৰ পৰিচালনাৰে, ইত্যাদি উত্তৰপূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চ নাট“ শকুনিৰ প্ৰতিশোধ” আৰু গুৱাহাটী মালিগাঁৱৰ হিমজ্যোতি বৈশ্যই ৰচনা আৰু ধৱজ্যোতি কুমাৰে পৰিচালনা কৰা গন্ধৰ্বৰ নাটক “ দৃষ্টান্ত” মঞ্চস্থ হয় ৷ 

নাটৰ অন্তত উদ্যোক্তাসকলৰ হৈ মুখ্য পৃষ্ঠপোষক তথা মন্ত্ৰী ডাঃ ৰনোজ পেগু, ড° বুদ্ধিন্দ্ৰ বৰুৱা , ভবিষ্যত দিহিঙীয়া ,জ্যোতিষ কোঁচ , পৱন সন্দিকৈ ,দেৱ খনিকৰ , প্ৰনৱ হাজৰিকা আৰু ৰঞ্জন বুঢ়াগোহাঁইয়ে সকলো নাটৰ অভিনেতা- অভিনেত্ৰী আৰু কলা -কুশলীক ধন্যবাদ জনায় ৷

DRAMA