ধেমাজিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ সফল সামৰণি

ধেমাজি জিলাৰ সমগ্ৰ শিক্ষা অধীনত তথা ধেমাজি শিক্ষা খণ্ডৰ উদ্যোগত ১ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে খণ্ডটোৰ তিনি ঠাইত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উদযাপন কৰা হয়...

author-image
Asomiya Pratidin
New Update
dhemaji

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ সমগ্ৰ শিক্ষা অধীনত তথা ধেমাজি শিক্ষা খণ্ডৰ উদ্যোগত ১ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে খণ্ডটোৰ তিনি ঠাইত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উদযাপন কৰা হয়। প্ৰথম কাৰ্য্যসূচী হিচাপে ১ ডিচেম্বৰত মাছখোৱা মজলীয়া বিদ্যালয়ৰ সভাকক্ষত অভিভাৱক আৰু ছাত্ৰ- ছাত্ৰীসকলৰ মাজত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। 

আনহাতে দ্বিতীয় কাৰ্যসূচী হিচাপে ২ ডিচেম্বৰত ধেমাজি বিদ্যাধাম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত বিশেষ প্ৰয়োজন সম্পন্ন শিশুৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ সম্পন্ন কৰা হয়। ইয়াৰ পাছত মঙ্গলবাৰে দিনজোৰা কাৰ্য্যসূচীৰে ধেমাজি বালিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত অন্তিম কাৰ্য্যসূচী উদযাপন কৰা হয় ৷ 

কাৰ্য্যসূচী অনুসৰি পুৱা ৮-০০ বজাত সামূহিক চাফাইৰে শেষৰ দিনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয় ৷ পুৱা ৯-৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্য্যসূচী সমাপন কৰে ধেমাজি বালিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চক্রৱৰ্তী বৰগোঁহাইয়ে ৷ 

ZDfzd

পুৱা ১০-০০ বজাত দিবাংগ্য ছাত্ৰ -ছাত্ৰীসকলৰ মাজত বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰম স্বাস্থ্য বিভাগে। পুৱা ১১-০০ বজাত শিশুসকলৰ বিচিত্ৰা অনুষ্ঠানৰ পিছতেই বিয়লি ১-০০ বজাত মুকলি সভা ও প্ৰেৰণা বঁটা অনুষ্ঠান অনুষ্ঠিত হয় ৷ 

সমগ্ৰ শিক্ষা ধেমাজি জিলা মিছন সমন্বয়ক বিতুপন হাজৰিকাই সঞ্চালনা কৰা মুকলি সভাৰ আঁত ধৰে  ধেমাজি জিলাৰ সবাত্মক শিক্ষাৰ জিলা আঁচনি বিষয়া অৱনী নাথে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড০ সঞ্জীৱ ফুকন ৷ 

zvdsa

জিলাৰ অতিৰিক্ত আয়ুক্ত ড° ফুকনে দিব্যাংগ দিৱসৰ উদ্দেশ্যি  বক্তব্য ৰাখে ৷ সভাত  এই বছৰৰ প্রেৰণা বঁটা আগবঢ়াই ক্ৰমে দিব্যাংগ ছাত্ৰ- ছাত্ৰীদ্বয় তোলন ফুকন আৰু দীতিমণি দলেলৈ। লগতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক  শিক্ষাদান দিয়া কৃৰ্তী শিক্ষক হিচাপে প্রণৱ কুমাৰ দলে আৰু ইন্দ্রুমনি হাজৰিকাকো প্রেৰণা বঁটা আগবঢ়োৱা হয়। 

সভাত ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা বন্দনা হাজৰিকাৰ নেতৃত্বত এখনি নাট পৰিৱেশন কৰা উপৰিও শশাংক বুঢ়াগোহাই দ্বাৰা লিখিত এখনি কবিতা সংকলন প্ৰকাশ কৰা হয়। উল্লেখ্য যে ধেমাজি শিক্ষা খণ্ডৰ অধীনত সৰ্বাত্মাক শিক্ষাৰ সমল ব্যক্তি ক্ৰমে স্মৃতি ৰেখা বুঢ়াগোঁহাই , মহন সোনোৱাল আৰু বিপুল দত্তৰ তত্বৱধানত তিনিদিনীয়াকৈ তিনি ঠাইতে সুন্দৰভাৱে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ  কাৰ্য্যসূচী ধেমাজিত ৰূপায়ণ  হৈ যায় ৷

বিশ্ব দিব্যাংগ দিৱস