Advertisment

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনখনিৰ তিনিদিনীয়া কাৰ্যসূচীৰ দেওবাৰে অন্ত পৰে। আই- মাতৃ, বাপ-বান্ধৱে ভক্তি ৰস বিয়পাই নগাঁৱৰ পাথৰি চাৰিআলিৰ অধিবেশনস্থলীক বৈকুন্ঠপুৰীলৈ পৰ্য্যবেক্ষিত কৰি তোলে ।

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

ডিজিটেল সংবাদ, নগাঁও : ভক্তিৰসৰ অমিয় বিয়পাই বঢ়াৰ পো শ্ৰীশ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰত  উদুলি মুদুলি পৰিবেশে বিৰাজ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনখনিৰ তিনিদিনীয়া কাৰ্যসূচীৰ দেওবাৰে অন্ত পৰে। আই- মাতৃ, বাপ-বান্ধৱে ভক্তি ৰস বিয়পাই নগাঁৱৰ পাথৰি চাৰিআলিৰ অধিবেশনস্থলীক বৈকুন্ঠপুৰীলৈ পৰ্য্যবেক্ষিত কৰি তোলে । 

Advertisment

উল্লেখযোগ্য যে পুৱাতে অধিবেশনস্থলীৰ পৰা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । সহস্ৰাধিক ভক্তিপ্ৰাণ লোকে অংশ গ্ৰহণ কৰা শোভাযাত্ৰাটি উদ্বোধন কৰে প্ৰফুল্ল চন্দ্ৰ বৰাই । 

শোভাযাত্ৰাটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজীক প্ৰতিফলন ঘটোৱা হয় । স্থানীয় বৃহত্তৰ এলেকাৰ প্ৰায় ২৫ খন গাঁৱৰ মাজেৰে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাটিয়ে পৰিভ্ৰমণ কৰে । 

আনহাতে দুপৰীয়াৰ পৰা লম্বোধৰ বৰা সোঁৱৰনী মঞ্চত অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভাখনিত সভাপতিত্ব কৰে চেনাৰাম ডেকাই । বিপুল শইকীয়াই উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা । 

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

 

সভাত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই কয় যে অসমৰ সামাজিক ইতিহাসত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন আছিল মনিকাষ্ণন সংযোগ। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনে সাহিত্য-সংস্কৃতিৰ মাগদৰ্শনত নতুন মাত্ৰা প্ৰদান কৰিছিল।

পদাধিকাৰ ডেকাই লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ১৯ বছৰ বয়সতে গুৰু হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ সমাজ সংস্কাৰৰ জৰিয়তে জ্ঞানৰ আভা বিলোৱাৰ সমন্বয়ৰ বৃহৎ অসমীয়া সমাজ গঢ়ি তুলিছিল। 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱক অসমৰ প্ৰথম শিশু সাহিত্যিক হিচাপে আখ্যা দি তেওঁ কয় যে- 'মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰল উদ্ভাৱনী শক্তিৰ দ্বাৰা সমাজখনক একত্ৰিত কৰি সাম্যবাদৰ ধাৰণাৰে বিপ্লৱৰ সূচনা কৰিছিল। সেয়ে তেওঁক বৈপ্লৱিক গুৰু আখ্যা দিব পাৰি।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

 

ইফালে মুকলি সভাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত । জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰক্ত আমাৰ দেহত প্ৰবাহিত হৈ আছে । ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ পাই নিজকে ধন্য মনাৰ কথা উল্লেখ কৰি কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰজাধৰ্ম বিশ্বাসী আছিল । লগতে সমাজখনত অৰ্থনৈতিক কাঠামো গঢ়াৰ ক্ষেত্ৰত মহাপুৰুষজনাৰ অৱদান উল্লেখ্যনীয় । 

লগতে মহন্তই কয় যে বৰ্তমান আমাৰ সমাজত নামঘৰ সমূহ ধুনীয়া হৈছে । কিন্তু  নামঘৰত পুৱা গধূলী ডবা , কাঁহ , শঙ্খ , চাকি নজ্বলা হৈছে । দৈনন্দিন জীৱনত ঘোষা পাঠৰ ভাৱনা নোহোৱা হৈছে । 

তেওঁ লগতে কয় যে বিজ্ঞান বহু দূৰ আগবাঢ়ি গৈছে । কিন্তু সমাজখন বহু দূৰ পিছুৱাই গৈছে । আমি নাঘৰলৈ সজীৱতা ঘূৰাই আনিব লাগিব । ৫০ হাজাৰ নামঘৰলৈ সজীৱতা ঘূৰাই আনিব লাগিব । বৰ্তমান সময়ত নবপ্ৰজন্মৰ মাজত শিপাৰ সন্ধান আৰম্ভ হৈছে । ইয়াক আমি ধৰি ৰাখিব লাগিব । 

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

 


শিল্পী দৰ্শনা দেৱীৰ বৰগীত পৰিবেশনেৰে মুকলি সভাখনি শুভাৰম্ভ হোৱাৰ পিছত আদৰণি সমিতিৰ সভাপতি নিত্যানন্দ বৰাই অভিভাষণ পাঠ কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও শাখাৰ সভাপতি চেনাৰাম ডেকাই সভাপতিৰ অভিভাষণ পাঠ কৰে ।

সভাত নিৰ্দিষ্ট বক্তাৰ ভাষনত লেখক দুলাল বৰাই গুৰুজনাৰ কৰ্মৰাজীক বিশ্বজনীন কৰি তুলাৰ পোষকতা কৰে। ধ্ৰুৱকুমাৰ বৰাৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ প্ৰাণবান্ধৱ উন্মোচন কৰে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

 

উক্ত অনুষ্ঠানতে অধ্যাপক দীপক কুমাৰ বৰাৰ 'গীতা কথা' আৰু তিলেশ্বৰ বৰাৰ 'দিনক দিনে গৃহবন্দী' নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয়। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা,মূলৰ সদস্য তোষেশ্বৰ বৰা,নলিনী বৰা,জ্যোতিপ্ৰসাদ ভূঞা,কলিয়াবৰ জিলাৰ সভাপতি অনন্ত বৰা,বিমান বৰা,তৰুণ চন্দ্ৰ ডেকা,জয়ৰাম পাটৰ,উমাকান্ত হাজৰিকা,হৰেন্দ্ৰ বৰা,ভূপেন নাথ,নগাঁও মহাবিদ্যালয় অধ্যাপক দীপক কুমাৰ বৰা,শিক্ষাবিদ ৰাণা প্ৰকাশ বৰা,মিহিৰাম ভূঞা,গোবিন দাস,শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষা বন্তি বৰদলৈ,সোনপা শইকীয়া,সমাজকৰ্মী মামনি বৰা উপস্থিত থাকে।  

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

 

উল্লেখ্য যে আজি পুৱা প্ৰাতঃপ্ৰসংগ,পৰিবেশ নিকাকৰণৰ পিচত ধৰ্মধ্বজা উত্তোলন কৰে নৱনিৰ্বাচিত সভাপতি চেনাৰাম ডেকাই। নিশালৈ সাংস্কৃতিক অনুষ্ঠান কৰে বিশিষ্ট কৌতুক অভিনেতা সিদ্ধাৰ্থ শৰ্মাই। উক্ত সাংস্কৃতিক অনুষ্ঠানত শংকৰী কৃষ্টিৰ লগতে,সত্ৰীয়া নৃত্য, মাটি আখৰা আৰু বেহাৰবাৰী আউট পোষ্টৰ শিল্পীসকলে অনুষ্ঠান পৰিবেশন কৰে।

nagaon শ্ৰীমন্ত শংকৰদেৱ