/asomiyapratidin/media/media_files/2025/07/05/untitled-1-copy-2025-07-05-18-00-41.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্যিক কৃষি বিভাগ, নগাঁৱৰ দ্বাৰা আয়োজিত ১৫ দিনীয়া কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ অন্তিম দিনা অংশগ্ৰহণ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। আয়ুক্ত গৰাকীয়ে প্ৰথমেই কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰাংগণত এক বৃক্ষৰোপণ কাৰ্য্যসূচীত ভাগ লৈ কেন্দ্ৰই প্ৰায় ২.৫ হেক্টৰ মাটিত আৰ্দ্ৰ ডি এছ আৰ (প্ৰত্যক্ষ বীজযুক্ত ধান) ৰ ড্ৰাম ছিডাৰ ব্যৱহাৰেৰে ডোঙা বা পুখুৰী থকা মাটিত পূৰ্বতে অংকুৰিত (পূৰ্ব-গজা) বীজ ৰোপণ পদ্ধতিৰে শালি ধানৰ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
ইয়াৰ পিছত তেখেতে কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশ লৈ প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰি কয় যে, "সমাজৰ এনে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰই কৃষি সামগ্ৰী ব্যৱসায়ীসকলক প্ৰদান কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী বৰ্তমান সময়ত অতি প্রয়োজনীয়।" তেওঁ প্ৰশিক্ষাৰ্থী সকলক কৃষক আৰু চৰকাৰৰ মাজত এক সেতুৰ দৰে কাম কৰিবলৈ আহ্বান জনায় কয় যে, "তেওঁলোকৰ এই ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে কৃষিৰ উন্নয়নত প্ৰত্যক্ষভাৱে সহায় কৰে।" আয়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে, "আজিৰ দিনত এনে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা অপৰিসীম, কিয়নো ই কৃষিৰ লগত জড়িত ব্যৱসায়ীসকলক আধুনিক পদ্ধতিৰ সৈতে পৰিচয় কৰাই দিয়ে।"
আনহাতে আয়ুক্ত গৰাকীয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ এই উদ্যোগক সন্মান জনাই কৃষি ক্ষেত্ৰত নৱপ্ৰৱৰ্তন আৰু কৃষকসকলৰ মাজত জ্ঞান বিতৰণত এই কেন্দ্ৰই আগবঢ়োৱা অৱদানক উচ্চ প্ৰশংসা কৰে । তেখেতে প্ৰশিক্ষাৰ্থীসকলক কৃষি ব্যৱসায়ত সফল হ’বলৈ উৎসাহিত কৰি কৃষিৰ উন্নয়নত তেওঁলোকৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই অনুষ্ঠানত চিলঙনীস্থিত মাণ্ডলীক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰা, জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁও, ড° ভবেশ চন্দ্ৰ ডেকা, নগাঁও কৃষি বিষয়া, নিখিল নাৰায়ণ বৰুৱা, ডিডিএম, নাবাৰ্ড ৰাজেন্দ্ৰ ৰাজামৌলী পেৰ্না প্ৰমুখ্যে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া কৰ্মচাৰী, আৰু প্ৰশিক্ষণ গ্ৰহণ কৰা ২৫ গৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত থাকে।