/asomiyapratidin/media/media_files/2025/03/30/kP5RNt71wGPTKJg3lG6M.jpg)
ডিজিটেল সংবাদ, বৰমা : বাক্সা জিলাৰ বৰিমাখাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱৰ দেওবাৰে সামৰণি পৰে । উল্লেখযোগ্য যে, ২৯ আৰু ৩০ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৰূপালী জয়ন্তী অনুষ্ঠান ।
উল্লেখ্য যে, ২০০০ চনতে বৰিমাখাত এচাম বিদ্যানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত স্থাপিত শিক্ষানুষ্ঠানখনে এইবৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে । ৰূপালী জয়ন্তী উপলক্ষে ইয়াৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰমাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয় । আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা উদযাপন সমিতিৰ সভাপতি ৰমেশ চন্দ্ৰ দাসৰ লগতে আন কেবাজনো বিশিষ্ট লোক আৰু কেবাখনো শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যৰ দ্বাৰা পতাকা উত্তোলন কৰা হয় ।
/asomiyapratidin/media/media_files/2025/03/30/HBhCO3agA1eX2FajwuwF.jpg)
ইয়াৰ পিছতে স্মৃতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে নিকেতনৰ প্ৰাক্তন আচাৰ্যা কমলা দাস,প্ৰনীতা শৰণীয়া আৰু বকুল দাসে । দুপৰীয়া ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰমেশ চন্দ্ৰ দাসৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ।
সভাত ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ হালৈয়ে । ভাষণ প্ৰসঙ্গত হালৈয়ে উপস্থিত থকা অভিভাবক, অভিভাবীকা সকলক শিশু অৱস্থাত চৌপাশে দেখি থকা প্ৰাকৃতিক সম্পদ,জীৱ-জন্তুসমূহৰ বিষয়ে ধাৰণা দিয়াৰ লগতে নিজ সন্তানক মানব সম্পদ হিচাপে গঢ় দিবলৈ আহ্বান জনায় ।
/asomiyapratidin/media/media_files/2025/03/30/Dfn5jc0YFb1D2sw6e8dq.jpg)
সভাত উপস্থিত থাকি নিৰ্দিষ্ট বক্তাৰ ভাষণত বিশিষ্ট সাহিত্যিক অৰুণ দাসে ছাত্ৰ-ছাত্ৰী সকলক উদ্যেশ্যি মনোগ্ৰাহী বক্তব্য আগবঢ়ায় । দাসে শংকৰদেৱ শিশু নিকেতনসমূহৰ নিচিনা শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীসকলক সমাজৰ দায়িত্বশীল লোক আৰু মানৱ সম্পদ গঢ়াত গুৰুত্বপুৰ্ণ ভুমিকা লৈ আহিছে বুলি উল্লেখ কৰে ।
মুকলি সভাত বৰমা সংকুলৰ সংকুল প্ৰমুখ নৰেশ্বৰ ডেকাই শংকৰদেৱ শিশু নিকেতন সমুহৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰে । সভাত অৱসৰী শিক্ষক মনিৰাজ তালুকদাৰ , মহিমা দাস,মনিৰাম পাঠক,হিমানী গোশ্বামী, গোপাল চন্দ্ৰ হালৈকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে শনিবাৰে প্ৰথমদিনা পুৱা মুখ্যদ্বাৰ উদ্বোধন কৰে জীবেশ্বৰ স্বৰ্গিয়াৰীয়ে । বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী কেশব ভট্টই ।
১১-০০ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নলবাৰীৰ পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° হৰেকৃষ্ণ হালৈয়ে । শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকলেও জাতীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰে । আবেলি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰঙ্গ আলাপ অনুষ্ঠিত হয় । আজি নিশা সাংস্কৃতিক অনুষ্ঠানৰে ৰূপালী জয়ন্তী উৎসৱৰ সামৰণী পৰে ।