চতিয়াৰ মাধুৰী আঁহতৰ তলত বিহু কৰ্মশালাৰ সফল সামৰণি

ফাগুনৰ পছোৱাৱাই আদৰি আনিছে ঋতুৰাজ বসন্তক। অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুলৈ মাজত মাথো এটা দিন । ন সাজেৰে, ন প্ৰাণৰে মাধুৰী আঁহতৰ তলত এজাক শিশুৰ কোলাহলত যেন নানা ৰঙীণ পখিলাৰ সমাহাৰ।

author-image
Asomiya Pratidin
New Update
চতিয়াৰ মাধুৰী আঁহতৰ তলত বিহু কৰ্মশালাৰ সফল সামৰণি

ডিজিটেল সংবাদ, জামুগুৰিহাট : ফাগুনৰ পছোৱাৱাই আদৰি আনিছে ঋতুৰাজ বসন্তক। অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুলৈ মাজত মাথো এটা দিন । ন সাজেৰে, ন প্ৰাণৰে মাধুৰী আঁহতৰ তলত এজাক শিশুৰ কোলাহলত যেন নানা ৰঙীণ পখিলাৰ সমাহাৰ।

Advertisment

হেঁপাহ পলুৱাই নাছিছে কণমানিহঁতে। কান্ধত ধোলটিলৈ কণমানি ধুলিয়াৰ আঙুলিৰ বুলনিত খিতিক ধিনা খিতিক ধিনা মধুময় শব্দৰে ১৫ দিন জীপালহৈ আছিল ঐতিহ্যমণ্ডিত মাধুৰী আঁহতৰ তল। অসমৰ প্ৰথমখন মুকলি বিহু হিচাপে খ্যাতি অৰ্জন কৰা চতিয়াৰ মাধুৰী আঁহতৰ ১০৭ সংখ্যক মুকলি বিহুৰ লগত সংগতি ৰাখি ১৫ দিনীয়া বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল। আজি এই বিহু কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

সামৰণি অনুষ্ঠানত এখন আটকধুনীয়া প্ৰচীৰ প্ৰত্ৰিকা উন্মোচন কৰে যুৱ লেখক সিহিত্যিক, বিশিষ্ট সমাজকৰ্মী লক্ষী কান্ত বৰাই। সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিপালী বৰাই।

jamugurihat