ধুবুৰীত দুটা পৰ্যায়ৰ ১৫ দিনীয়া নাৱিক প্ৰশিক্ষণৰ সফল সামৰণি

অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সহযোগত দুটা পৰ্যায়ৰ ১৫ দিনীয়া নাৱিক প্ৰশিক্ষণৰ ধুবুৰীত সফল সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
ধুবুৰীত  দুটা পৰ্যায়ৰ ১৫ দিনীয়া নাৱিক প্ৰশিক্ষণৰ সফল সামৰণি

ডিজিটেল সংবাদ ধুবুৰীঃ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ সহযোগত দুটা পৰ্যায়ৰ ১৫ দিনীয়া নাৱিক প্ৰশিক্ষণৰ ধুবুৰীত সফল সামৰণি পৰে। যোৱা ৯ জুনৰ পৰা ২৫ জুনলৈকে আৰু ২৫ জুনৰ পৰা ১০ জুলাই লৈকে অৰ্থাৎ আজি এই নাৱিক প্ৰশিক্ষণৰ সামৰণি পৰে। 

Advertisment

প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণত ১৬০ জন ইঞ্জিন চালক আৰু হালিমেনক প্ৰশিক্ষণ দিয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণত ১৮৪ জন ইঞ্জিন চালক আৰু হালিমেনক প্ৰশিক্ষণ দিয়া হয়। উক্ত প্ৰশিক্ষণত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নাৱিক প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষণ অধীক্ষক জয়ন্ত গগৈ আৰু সহকাৰী অধীক্ষক ৰঞ্জিৱ কুমাৰ দত্ত উপস্থিত থকাৰ লগতে ভাৰতীয় নৌ সেনা বাহিনীৰ অৱসৰ প্ৰাপ্ত বিষয়াই উক্ত প্ৰশিক্ষণ কালছোৱাত ইঞ্জিন চালক আৰু হালিমেনসকলক প্ৰশিক্ষণ দিয়ে।

উক্ত প্ৰশিক্ষণৰ জৰিয়তে ইঞ্জিন চালক আৰু হালিমেনসকলক নদী পথত নাও চলাচলত কি কি বস্তু মজুত কৰি ৰাখিব লাগে,  কেনেদৰে নদী এলেকাত নাও চলাব লাগে, যাত্ৰীৰ সুৰক্ষাৰ বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। ধুবুৰীস্থ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত ধুবুৰীত মুঠ পাঁচটা ঘাট থকাৰ উপৰি গাওঁ পঞ্চায়ত আৰু জিলা পৰিষদৰ অধীনত ধুবুৰী আৰু দক্ষিন শালমাৰা-মানকাচৰ জিলাক সাঙুৰি লৈ ১৬২ টা ঘাট আছে। এই ঘাট সমূহত চলাচল কৰা মুঠ ৩৪৪ জন নাৱৰ ইঞ্জিন চালক আৰু হালিমেনক ধুবুৰীত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগ