/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/43a92a90-70ca-4812-afb4-81ec86b676bc/JEE_16.jpg)
MAYUKH ABHIGYAN DAS
ডিজিটেল ডেস্কঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ জয়যাত্ৰা। সদ্য ঘোষিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (আই আই টি) ৰ জে ই ই এডভান্স প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা ময়ুখ অভিজ্ঞান দাসে আজি ঘোষিত কমন ইউনিভাৰ্চিটী এন্ট্ৰেন্স টেষ্ট-২২ ৰ পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
তিনিচুকীয়া জিলা জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ময়ুখ অভিজ্ঞানে গণিত বিষয়ত ৯৮.৯৪ শতাংশসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উল্লেখ্যে যে যি সময়ত ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিব নোৱাৰে বুলি কৈ ইংৰাজী মাধ্যমৰ শিক্ষাৰ পৃষ্ঠপোষকতা কৰিছে তেনে সময়তে অসমীয়া মাধ্যমত অধ্যয়ন কৰি এইদৰে সফলতা লাভ কৰা একাংশ মেধাৱী ছাত্ৰই চৰকাৰৰ সিদ্ধান্তক ভুল প্ৰমাণিত কৰিছে।
উল্লেখ্য যে, মেধাৱী ছাত্ৰ ময়ূখ তিনিচুকীয়া জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক তথা ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, তিনিচুকীয়া (বৰহাপজান)ৰ সঞ্চালক জিন্তু দাস আৰুপূৰৱী দাসৰ সুযোগ্য সন্তান। ময়ূখৰ এই সফলতাত জিলাখনৰ জাতীয় বিদ্যালয় সমূহেও গৌৰৱ কৰাৰ লগতে অসমীয়া মাধ্যমত অধ্যয়ন কৰি যে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিব পাৰি সেই বিষয়ে পুনৰ এক দৃষ্টান্ত দাঙি ধৰিলে।