ৰাজ্যিক আন্তঃজিলা জুডোত ধেমাজি দলৰ সাফল্য

৯ ছেপ্টেম্বৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডি়য়ামত অনুষ্ঠিত ৩৫ সংখ্যক ৰাজ্যিক আন্তঃজিলা জুডো প্ৰতিযোগিতাৰ ১১ ছেপ্টেম্বৰত সফল সমাপ্তি হয়

author-image
Asomiya Pratidin
New Update
336

ডিজিটেল সংবাদ, চিলাপথাৰ : ৯ ছেপ্টেম্বৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডি়য়ামত অনুষ্ঠিত ৩৫ সংখ্যক ৰাজ্যিক আন্তঃজিলা জুডো প্ৰতিযোগিতাৰ ১১ ছেপ্টেম্বৰত সফল সমাপ্তি হয় ৷ জুডো খেলৰ প্ৰশিক্ষক জয়শ্ৰী হাজৰিকা দেউৰীৰ নেতৃত্বত ল’ৰা আৰু ছোৱালী উভয় শাখাতে ধেমাজি জিলাক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলে‌ মেডেল পাবলৈ সক্ষম হয় ৷

লাভ কৰা পদকৰ সংখ্যা হ'ল সোণৰ ১১ টা, ৰূপৰ পদক ৮ টা আৰু ব্ৰঞ্জৰ পদক ৭ টা।  ইয়াৰে মুঞ্চি বড়ো, ৰাজ দেউৰী, জ্যোতিলতা দেউৰী, খ্যানমনা আইৰ দেউৰী, জেচমিন দেউৰী, ডেনিয়েল দেউৰী, বিপ্লৱ দেউৰীয়ে সোণৰ পদক লাভ কৰে। একেদৰে দনিপ দেউৰী, পূৰ্ণিমা দেউৰী, পৰিশ্মিতা বসুমতাৰী, বিবেক দেউৰী, পঙ্কজ বসুমতাৰী, দিপ্যমান আইৰ দেউৰী, হেমজ্যোতি দেউৰী, দৰিচ স্বৰ্গীয়াৰী, ৰাংজালী বসুমতাৰীয়ে ৰূপৰ পদক অৰ্জন কৰে।

ইপিনে নিচান লালুং, সুৰঞ্জিত দেউৰী, ৰশ্মিশিখা হাজৰিকা, কন্যাৰী সোণোৱাল,অঞ্চুমান বড়ো আৰু ৰূপা কামানে বিভিন্ন শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। ৰাজ্যিক পৰ্যায়ৰ খেলত উন্নতমানৰ প্ৰদৰ্শনৰে জিলাবাসীক গৌৰৱান্বিত কৰা খেলুৱৈসকলৰ সফলতাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।

ধেমাজি