/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agrani-batori.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ১৯৭৮ চনৰ ১২ মার্চত জন্মগ্রহণ কৰা অসম জাতীয়তাবাদী যুর-ছাত্র পৰিষদে জন্মলাভৰে পৰা পৰিষদৰ মূল দাবীসমূহৰ লগতে অসম আৰু অসমীয়াৰ জাতিৰ জাতীয় সংকট আৰু সমস্যা সমাধানৰ ক্ষেত্রত বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আহিছে। ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে শৈক্ষিক, সামাজিক, সাংস্কৃতিক, নাৰী সবলীকৰণৰ ক্ষেত্ৰত সবল স্থিতি গ্রহণ কৰি আহিছে।
জাতীয় মহিলা পৰিষদে নাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গ্রহণ কৰা প্রতিবাদী কার্যসূচী, সমাজৰ বিভিন্ন স্তৰৰ মহিলাৰ তেওঁলোকৰ জীবন আৰু জীবিকাৰ মান উন্নতকৰণৰ বাবে তেওঁলোকক সংগঠিত কৰি নিজৰ প্রাপ্য অধিকাৰৰ বিষয়ে কৰা দাবী ৰাজ্যৰ বিভিন্ন বিভাগত সংগঠিত দুর্নীতি অনিয়মৰ প্রতিৰোধৰ বাবে গ্রহণ কৰা কাৰ্যসূচীৰ লগতে নাৰীৰ ওপৰত হোৱা বিভিন্ন অত্যাচাৰ, ধর্ষণ, বাল্য বিবাহ ৰোধ কৰা আদিৰ ক্ষেত্রত জাতীয় মহিলা পৰিষদে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে।
জাতীয় জীৱনৰ প্রতিটো মুহূর্তত দায়ৱদ্ধতাৰে নিজৰ স্থিতি স্পষ্ট কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ দ্বি- বার্ষিক প্রতিনিধি সভা আৰু বিষয় বাচনি সভাখন উজান বজাৰস্থিত বিষ্ণু নির্মলা ভৱনত ২৭ জানুৱাৰীত অনুষ্ঠিত কৰা হ'ব। কার্যসূচী অনুসৰি পৰিষদৰ পতাকা উত্তোলন কৰিব জাতীয় মহিলা পৰিষদৰ সভানেত্রী বিনীতা কুমাৰে। একেদৰে ছহিদ তর্পণ কৰিব সাধাৰণ সম্পাদিকা মামণি দৈমাৰীয়ে। স্মৃতি তর্পণ কৰিব মায়াৰাণী লাহনে।
উক্ত প্রতিনিধি সভাত উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, মুখ্য উপদেষ্টা ৰাণা প্রতাপ বৰুৱা। প্রতিনিধি সভাৰ অন্তত বিষয় বাচনি সভা অনুষ্ঠিত কৰা হ'ব।
উক্ত সভাত আগন্তুক দুটা বর্ষ ২০২৫-২০২৭ৰ বাবে জাতীয় মহিলা পৰিষদ ৰাজ্যিক সমিতিৰ নতুন সমিতি গঠন কৰা হ’ব। এই সভাত জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।