/asomiyapratidin/media/media_files/2026/01/23/whatsapp-imag-2026-01-23-08-41-44.jpeg)
ডিজিটেল ডেস্কঃ আজি নেতাজী সুভাস চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মজয়ন্তী তথা পৰাক্ৰম দিৱস। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ অৰ্থে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-imag-2026-01-23-08-36-55.jpeg)
স্বাধীনতা সংগ্ৰামৰ এজন স্মৰণীয় কিংবদন্তি নেতা নেতাজী সুভাষ চন্দ্ৰ বসু । দেশৰ বাবে তেওঁ যি কাম কৰিছিল, ইংৰাজ শাসনৰ বিৰুদ্ধে দেশবাসীক পথ দেখুৱাই আগবঢ়াই নিয়া সহজ নাছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এজন উজ্জ্বল আৰু মহৎ ব্যক্তি যিয়ে তেওঁৰ গোটেই জীৱন সংগ্ৰামৰ বাবে উৎসৰ্গিত কৰিছিল। ১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পাছলৈ ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
সুভাষচন্দ্র বসু তেওঁৰ অসাধাৰণ ওকালতি আৰু সমাজতান্ত্ৰিক নীতিৰ বাবে জনাজাত আছিল। নিজৰ অভিনৱ পন্থা, অসাধাৰণ সাংগঠনিক শক্তি প্রভৃতিয়ে সমগ্র ভাৰতবর্ষত তেওঁক জনপ্রিয় কৰি তুলিছিল। ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত সুভাষ চন্দ্ৰ বসু জন্ম হৈছিল। তেওঁৰ দেউতাক জানকী নাথ বসু এগৰাকী বিখ্যাত উকীল আছিল আৰু তেওঁৰ মাতৃ প্ৰভাৱতী বসু এগৰাকী ধাৰ্মিক মহিলা আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us