শত্ৰুক ৰোধি আকাশত পৰাক্ৰম দেখাব ভাৰতৰ আস্থাই...

ভাৰতে লাভ কৰিলে দেশৰ প্ৰথমগৰাকী মহিলা ফাইটাৰ পাইলট। ভাৰতীয় বায়ু সেনাৰ উপ লেফট্যানেন্ট আস্থা পুণিয়াই এতিয়াৰে পৰা উৰুৱাব যুজাঁৰু বিমান। ভাৰতীয় নৌ সেনাৰ তৰফৰ পৰা

author-image
Asomiya Pratidin
New Update
gtgtt

ডিজিটেল ডেস্কঃ ভাৰতে লাভ কৰিলে দেশৰ প্ৰথমগৰাকী মহিলা ফাইটাৰ পাইলট। ভাৰতীয় বায়ু সেনাৰ উপ লেফট্যানেন্ট আস্থা পুণিয়াই এতিয়াৰে পৰা উৰুৱাব যুজাঁৰু বিমান। ভাৰতীয় নৌ সেনাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই ঘোষণা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, যুজাঁৰু বিমানৰ পাইলটৰ আসনত বহা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ স্বীকৃতি লাভ কৰিছে আস্থা পুণিয়াই।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় বায়ু সেনাৰ হাতত থকা অত্যাধুনিক যুজাঁৰু বিমান মিগ-২৯ উৰুৱাব আস্থাই। আই এ এন এছ বিক্ৰান্তৰ পৰা এই যুজাৰু বিমান উৰুৱাব আস্থাই। উল্লেখ কৰা প্ৰয়োজন যে, যুদ্ধৰ সময়ত ভাৰতে এই মিগ-২৯ক বিশেষ ভাৱে ব্যৱহাৰ কৰে। এই যুঁজাৰু বিমানৰ পৰা ৪৫০কিলোগ্ৰাম ওজনৰ প্ৰায় চাৰিটাকৈ বোমা,মিছাইল প্ৰক্ষেপ কৰিবলৈ সক্ষম। 

ভাৰতীয় সেনা