ছাব্‌- জুনিয়ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ - ২০২৫ত অসমৰ ১১ টা পদক অৰ্জন

চট্টিশগড়ৰ বিলাছপুৰস্থিত বি আৰ যাদৱ ইণ্ড'ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত ৯ ৰ পৰা ১২ এপ্ৰিললৈকে চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ:২০২৫

author-image
Asomiya Pratidin
New Update
ছাব্‌- জুনিয়ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ - ২০২৫ত অসমৰ ১১ টা পদক অৰ্জন

ডিজিটেল ডেস্ক : চট্টিশগড়ৰ বিলাছপুৰস্থিত বি আৰ যাদৱ ইণ্ড'ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত ৯ ৰ পৰা ১২ এপ্ৰিললৈকে চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ:২০২৫। এই প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা বিভিন্ন জিলাৰ মহিলা পেন্‌চাক চিলাট খেলুৱৈয়ে পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

Advertisment

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্য্যবেক্ষণত হোৱা উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১২০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। অসম পেনচাক চিলাট সন্থাৰ যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো, সহ: সম্পাদক স্বপন বড়ো আৰু ৰাষ্ট্ৰীয় বিচাৰক ঔম ছেত্ৰীৰ নেতৃত্বত যোৱা অসমৰ খেলুৱৈসকলে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ'ল' আদি শাখাত প্ৰতিযোগিতা আগবঢ়ায়। 

এই সমূহ প্ৰতিযোগিতাত ধেমাজি জিলাৰ জয়ীতা গগৈয়ে সোণৰ পদক আৰু ৰিজূ পায়েঙে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে শোণিতপুৰ জালাৰ জুতিকা গগৈয়ে ৰূপৰ আৰু সুনিতা ৰাভাই ব্ৰঞ্জৰ পদক লাভ কৰে। 

তাৰোপৰি গোলাঘাট  জিলাৰ পৰিস্মিতা নাথে দুটাকৈ ব্ৰঞ্জৰ পদক, অভিলাষা শইকীয়াই দুটাকৈ ব্ৰঞ্জৰ পদক, হিৰষ্ময়ী শইকীয়াই দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে কামৰূপ মেট্ৰ'ৰ অঙ্কিতা চৰকাৰে এটা ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ১১টা পদকেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

Assam Sports