বস্ত্ৰ নগৰীত শুৱালকুছি কলা মহোৎসৱৰ সফল সামৰণি...

আন্তঃৰাষ্ট্ৰীয় লোক শিল্পী ৰঞ্জিত গগৈক শুৱালকুছি কলা শিৰোমণি সন্মান বঁটা, সংগীত নাটক একাডেমি বিচমিল্লা খা যুৱ পুৰস্কাৰ প্ৰাপ্ত ডিম্পি ৰাণী বৈশ্যক শুৱালকুছি কলা সন্মান লগতে সমাজ কৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থক শুৱালকুছি গ্ৰাম্য সূৰ্য্য বঁটা প্ৰদান...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শুৱালকুছিঃ   বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে শুৱালকুছি কলা মহোৎসৱ অনুষ্ঠিত হয়।নটৰাজ কলা কেন্দ্ৰ আৰু ৰিৱি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত ১৬ আৰু ১৭ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে শুৱালকুছি ৰাজহুৱা প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

Advertisment

মহোৎসৱৰ লগত সংগতি ৰাখি ২০২৫ বৰ্ষৰ শুৱালকুছি কলা শিৰোমণি বঁটা,শুৱালকুছি কলা সন্মান আৰু শুৱালকুছি গ্ৰাম্য সূৰ্য্য বঁটা প্ৰদান কৰা হয়। ৰাজ্যৰ লগতে পঞ্জাৱৰ ভাংৰা নৃত্য,বিহাৰৰ ষট পূজা নৃত্যৰ প্ৰদৰ্শনে উপস্থিত ৰাইজক আপ্লুত কৰে।

আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৃত্যৰ দলেও শুৱালকুছি কলা মহোৎসৱত অংশগ্ৰহণ কৰি নিজ ৰাজ্যৰ কৃষ্টি সংস্কৃতি দাঙি ধৰে। অসমৰ সত্ৰীয়া নৃত্যৰ লগতে খোলবাদন আৰু শ্ৰীলংকাৰ পৰা অহা এটি দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰি উপস্থিত ৰাইজক আকৃষ্ট কৰে।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যৰ কেইবাগৰাকী লোক শিল্পীক বঁটা প্ৰদান কৰা হয়। আন্তঃৰাষ্ট্ৰীয় লোক শিল্পী ৰঞ্জিত গগৈক শুৱালকুছি কলা শিৰোমণি সন্মান বঁটা, সংগীত নাটক একাডেমি বিচমিল্লা খা যুৱ পুৰস্কাৰ প্ৰাপ্ত ডিম্পি ৰাণী বৈশ্যক শুৱালকুছি কলা সন্মান লগতে বিশিষ্ট সমাজ কৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থক শুৱালকুছি গ্ৰাম্য সূৰ্য্য বঁটা প্ৰদান কৰা হয়।

আনহাতে, শুৱালকুছি কলা মহোৎসৱৰ লগত সংগতি আয়োজন কৰা নৃত্য প্ৰতিযোগিতাৰ প্ৰতিযোগী সকলোকো পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে উপস্থিত থাকে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ।

শুৱালকুছি