/asomiyapratidin/media/media_files/2025/06/21/wood-21-2025-06-21-13-46-52.jpg)
ডিজিটেল সংবাদ শুৱালকুছিঃ এইবাৰ অসমত আবিৰ্ভাৱ হৈছে ‘পুষ্পা’ৰ৷ দক্ষিণৰ ছুপাৰ হিট ছিনেমা পুষ্পাত দেখুওৱাৰ দৰেই সেই একেই ষ্টাইলত চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলিছে অসমত। গঢ়ি উঠিছে চোৰাং কাঠৰ বৃহৎ ছিণ্ডিকেট।
কামৰূপৰ পছৰীয়া দলৰ পথাৰত চোৰাং কাঠৰ বৃহৎ ক’লা ব্যৱসায় পোহৰলৈ অহাৰ পিছতে চোৰাং কাঠৰ বৃহৎ ছিণ্ডিকেটো পোহৰলৈ আহিছে। উল্লেখ্য যে, কামৰূপৰ পছৰীয়া দলৰ পথাৰত বন্ধ হৈ থকা এটি বিয়েৰ ফেক্টৰিত উদ্ধাৰ হৈছে কোটি টকা মূল্যৰ গছৰ কুণ্ডা।
দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা এই বিয়েৰৰ ফেক্টৰিতোৰ গৰাকী ৰাজেশ জালানৰ। চালান বিহিন ভাবে দৈনিক হাজাৰ হাজাৰ টন চোৰাং কাঠ সৰবৰাহ হোৱাৰ পিছত চেগুনকে ধৰি বহু মূল্যবান কাঠৰ কুণ্ডা এই বিয়েৰ ফেক্টৰিতে জমা কৰা হয়। অভিযোগ অনুসৰি বন বিভাগৰ চকুৰ সন্মুখতে চলি আছে চোৰাং কাঠৰ এই ৰমৰমীয়া ব্যৱসায়। তাৰ পিছতো কুম্ভ কৰ্নৰ নিদ্ৰাত আছিল কামৰূপৰ চিলা বন বিভাগ।
কিন্তু তাৰ মাজতে বিশেষ খবৰৰ ভিত্তিত চিলা বন বিভাগে পছৰীয়া দলৰ পথাৰত জব্দ কৰে বৃহৎ চোৰাং কাঠ ভৰ্তি এখন কন্টেইনাৰ। কিন্তু তাৰ পূৰ্বেই আন কেইবাখনো কাঠ ভৰ্তি কণ্টেইনাৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
এই ঘটনাৰ পিছতেএতিয়া প্ৰশ্ন উত্থাপন হৈছে কেনেদৰে বন্ধ হৈ থকা ৰাজেশ জালনৰ বিয়েৰ ফেক্টৰিৰ পৰা গোপনে সৰবৰাহ হৈ আছে চোৰাং কাঠ? কেনেদৰে বিয়েৰ ফেক্টিৰৰ পৰা চোৰাং কাঠসমূহ সৰবৰাহ হয় বহিঃৰাজ্যলৈ?
ক’ৰপৰা, কেনেদৰে বিয়েৰ ফেক্টৰিলৈ আহে এইসমূহ কাঠৰ কুণ্ডা? কিয় কোনো খবৰ নাই বন বিভাগৰ হাতত? কোনো কোন বিষয়া অথবা ৰাজনৈতিক শক্তিৰ আশীৰ্বাদ আছে এই জড়িত এই চোৰাং কাঠৰ ব্যৱসায়ীৰ সৈতে? বনমন্ত্ৰীয়ে এই খবৰ ৰাখিছেনে আৰু ইয়াৰ উত্তৰ দিব পাৰিবনে তাক লৈয়ো উঠিছে প্ৰশ্ন।