চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ নিলম্বিত পৰীক্ষা নিয়ন্ত্ৰকৰঃ শাস্তিৰ দাবী...

যোৱা শনিবাৰে বিদ্যালয়ৰ চৌহদত সংঘটিত হৈছিল এই ঘটনা। এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি উপৰ্যুপৰি লাঠিৰে প্ৰহাৰ কৰিছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্ৰীকান্ত কলিতাক।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শুৱালকুছিঃ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য নিলম্বিত পৰীক্ষা নিয়ন্ত্ৰক কন্দৰ্প কুমাৰ শৰ্মাই প্ৰহাৰ কৰিলে শ্ৰীমান চক্ৰৱৰ্তী একাডেমি নামৰ ব্যক্তিগত এখন বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীক।

কন্দৰ্প কুমাৰ শৰ্মাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় শ্ৰীকান্ত কলিতা নামৰ আদ-বয়সীয়া ব্যক্তি গৰাকী।জানিব পৰা মতে, যোৱা শনিবাৰে বিদ্যালয়ৰ চৌহদত সংঘটিত হৈছিল এই ঘটনা। এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি উপৰ্যুপৰি লাঠিৰে প্ৰহাৰ কৰিছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্ৰীকান্ত কলিতাক।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ তথা দল সংগঠন। শিক্ষিত সমাজক লজ্জিত কৰা মৰেল পুলিচৰ এই ঘটনাৰ উচিত তদন্ত বিচাৰি শাস্তি বিচাৰিছে আছুকে ধৰি দল সংগঠনে। 

উল্লেখ্য যে, এজন শিক্ষিত লোকে মৰেল পুলিচৰ ঘটনা সৃষ্টি কৰি আইন হাতত তুলি লোৱা কন্দৰ্প কুমাৰ শৰ্মাক অতি শীঘ্ৰেই উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে।

শুৱালকুছি