/asomiyapratidin/media/media_files/2025/08/01/chirang-1-2025-08-01-23-09-17.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ নাঙ্গলভাঙ্গাত এবিএমছুৰ উদ্যোগত প্ৰয়াত ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ অষ্টম সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ছাত্ৰ সংহতি দিৱস পালন কৰা হয়। আজিৰ এই ছাত্ৰ সংহতি কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক লৈ অসম চৰকাৰ তথা বিটিচি প্ৰশাসনে লোৱা ভূমিকাক তীব্ৰ সমালোচনা কৰে এবিএমছুৰ সভাপতি টাইচন হুছেইনে।
এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰ চহৰৰ মাজমজিয়াত আততায়ীয়ে গুলিয়াই হত্যা কৰাৰ পিছত প্ৰথমে এছ আই টি তাৰ পিছত চি আই ডি পৰবৰ্তী সময়ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইৰ দ্বাৰা তদন্ত কৰাৰ কথা ঘোষণা কৰা হ'য়। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে, ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ মৃত্যুৰ আঠ বছৰ উকলি যোৱাৰ পিছতো আজি লৈ হত্যাকাৰীৰ কিয় সুবিচাৰ নহ'ল বুলি প্ৰশ্ন উত্থাপন কৰে এবিএমছুৰ সভাপতি টাইচন হুছেইনে।
তেওঁ প্ৰশ্ন কৰে চিবিআইৰ চাৰ্জচিটত পাঁচজন কৈ হত্যাকাৰীৰ নাম প্ৰকাশিত হোৱাৰ পিছতো আজি লৈ কিয় গ্ৰেপ্তাৰ নহ'ল এজনো হত্যাকাৰী? প্ৰয়াত ছাত্ৰ নেতা লাফিকুল ইচলামৰ হত্যাকাণ্ডক চৰকাৰৰ পৰা আৰম্ভ কৰি সকলো দল সংগঠনে একেমুখে স্বীকাৰ কৰিছিল যে এয়া ৰাজনৈতিক হত্যাকাণ্ড। কিন্তু তাৰ পিছতো আজিলৈকে কিয় লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ৰাজহুৱা নকৰিলে?
তাৰোপৰি হত্যাকাণ্ডৰ সংঘটিত কৰা হত্যাকাৰীসকলক নতুনকৈ যুদ্ধ বিৰত কৰা উগ্ৰপন্থী সংগঠনৰ ডেজিগনেটেড কেম্পত লুকুৱাইই ৰখাৰ সন্দেহ প্ৰকাশ কৰে এবিএমছুৰ সভাপতি টাইচন হুছেইনে।