/asomiyapratidin/media/media_files/2025/03/05/JmbqNRl3pJm48fwaRku2.jpg)
শিক্ষকে যোগান ধৰিছে নকল
ডিজিটেল সংবাদ, ধুবুৰী: জিলাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বগুলামাৰীস্থিত পশ্চিম ধুবুৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পৰীক্ষা চলি থকাৰ মাজতে এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ।
অভিযোগ অনুসৰি, পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা চলি থকাৰ সময়তেই বুৰঞ্জী বিভাগৰ শিক্ষক আশ্ৰফ আলীয়ে ছাত্ৰ ছাত্ৰীক নকল যোগান ধৰিছিল। উক্ত কেন্দ্ৰটোত পৰীক্ষা চলি থকা অৱস্থাত মুকলিভাৱে নকল চলি থকাক লৈ ধুবুৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক জিয়াউল হকে ১ মাৰ্চত অধ্যক্ষক দাখিল কৰিছিল লিখিত অভিযোগ।
বুৰঞ্জী পৰীক্ষাৰ দিনা ৰোল ০২৬২ নং. ১০০৫৮ নম্বৰৰ ছাত্ৰ জনক নকল কৰাত বাধা প্ৰদান কৰাত শিক্ষক জিয়াউল হকক হত্যাৰ ভাবুকি দি ছাত্ৰজন পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই যায় বুলি অভিযোগ পত্ৰ খনত উল্লেখ আছে। ইফালে উক্ত পৰীক্ষা কেন্দ্ৰটোত আৰম্ভণিৰ পৰাই উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত নকলৰ পয়োভৰে শৈক্ষিক পৰিবেশ বিঘ্নিত কৰি তুলিছে। এই সন্দৰ্ভত ধুবুৰীৰ স্কুল সমুহৰ পৰিদৰ্শকে পশ্চিম ধুবুৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষলৈ মঙলবাৰে এক শ্ব'কছ নোটিছ প্ৰেৰণ কৰে।