/asomiyapratidin/media/media_files/2025/12/15/whatsapp-image-2025-12-15-10-52-05.jpeg)
ডিজিটেল সংবাদ,তেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিপৰায়ণ পলাতক উপাচাৰ্য শম্ভূনাথ সিঙক অচিৰেই অপসাৰণৰ দাবী তুলি আজি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰে পৰা ৯ ঘণ্টীয়া অনশন কাৰ্যসূচীৰ আৰম্ভ কৰিছে।
অনশনস্থলীত তেজপুৰ বিশ্ববিদ্যালয়ক সুৰক্ষা প্ৰদান কৰক,পলাতক উপাচাৰ্য শম্ভূনাথ সিঙে পদত্যাগ কৰক আদিকে কৰি বিভিন্নধৰনৰ ফেষ্টুন ওলমাই দিয়ে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভ কৰা ৯ ঘণ্টীয়া অনশন কাৰ্যসূচীলৈ বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সমাজেও সমৰ্থন আগবঢ়াইছে।
তাৰোপৰি ছাত্ৰ-ছাত্ৰীয়ে উপাচাৰ্যগৰাকীক অচিৰেই অপসাৰণ কৰাৰ দাবী তুলি এটি সংগীত ৰচনা কৰাৰ লগতে বাণীবদ্ধ কৰি প্ৰতিবাদস্থলীত পৰিবেশন কৰে। আজি পুৱাৰ পৰা ৯ ঘণ্টীয়া আৰম্ভ হোৱা অনশনস্থলীত আকাশ বতাহ কপাই বাজি উঠিছে শম্ভূ যাবলৈ টাইম আহিছে, কেম্পাচত জুই জ্বলিছে শীৰ্ষক গীত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us