Advertisment

২ নং বেলগুৰি প্ৰাথমিক বিদ্যালয়ত অঘটন, বিষক্ৰিয়া হৈ অসুস্থ শিক্ষাৰ্থী

বিদ্যালয় খনত পাঠদান চলি থকা অৱস্থাতে শিক্ষকৰ অগোচৰে ভোটোৰা গছৰ গুটি ভক্ষণ কৰি বিষক্ৰিয়া হৈ অসুস্থ হয় ১৩ জনকৈ কনমানি ছাত্ৰ ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাং চিৰাং জিলাৰ বিজনী মহকুমাৰ বড়োবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং বেলগুৰি প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে এক অঘটন সংঘটিত হয়। বিষক্ৰিয়া হৈ গুৰুতৰ ভাবে অসুস্থ হয় বিদ্যালয় খনৰ ১৩ জনকৈ ছাত্ৰ।

Advertisment

বিদ্যালয় খনত পাঠদান চলি থকা অৱস্থাতে শিক্ষকৰ অগোচৰে ভোটোৰা গছৰ গুটি ভক্ষণ কৰি বিষক্ৰিয়া হৈ অসুস্থ হয় ১৩ জনকৈ কনমানি ছাত্ৰ । পিছত অসুস্থ ছাত্ৰ সকলক বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকে বিজনী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও কৰ্তব্যৰত চিকিৎসকে ছাত্ৰ কেইজনক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

সম্প্ৰতি ছাত্ৰ কেইজন কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও আটাইকেইজন ছাত্ৰ সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে। ইফালে চিকিৎসকে জানিবলৈ দিয়া অনুসৰি কোনো ব্যক্তিয়ে ভোটোৰা গছৰ গুটি ভক্ষণ কৰিলে নাৰিকল খোৱাৰ দৰে লাগে বুলি ছাত্ৰ-ছাত্ৰী সকলক কৈছিল আৰু সেইমতে বিদ্যালয় খনৰ ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে এই গুটি ভক্ষণ কৰিছিল।

বাকী ছাত্ৰ-ছাত্ৰী সকলক বিজনী পাণবাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি সুস্থ কৰা হৈছে। উল্লেখ্য যে বিদ্যালয় খনত তিনি গৰাকী শিক্ষকৰ বিপৰীতে আছে ১১৪ গৰাকী ছাত্ৰ-ছাত্ৰী ।

খাদ্য বিষক্ৰিয়া বিজনী