/asomiyapratidin/media/media_files/2025/04/27/2fC4nX8ZM3npmfYc3xns.jpg)
ডিজিটেল সংবাদ, কামপুৰ : দেওবাৰে কঠীয়াতলী ওপৰবৰ তিৱা গাঁও মুকলি মঞ্চত তিৱা সাহিত্য সভাৰ উদ্যোগত ২৮ গৰাকী তিৱা সম্প্ৰদায়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীক অভিনন্দন জনোৱা হয়। পুৱা তিৱা শাখা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি নিৰঞ্জন বৰদলৈয়ে।
অভিনন্দন অনুষ্ঠানৰ মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মুহিত বৰদলৈয়ে । মুখ্য অতিথি হিচাপে উদগনি ভাষণ প্ৰদান কৰে অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰদলৈ, জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰা, শিল্পী ঘন বৰদলৈ, জিলা তিৱা সাহিত্য সভাৰ সভাপতি বীৰেন লালুং আদিয়ে।
উল্লেখযোগ্য যে, অভিনন্দন অনুষ্ঠানটিৰ আঁত ধৰে মিণ্টু বৰদলৈয়ে। সকলো শিক্ষাৰ্থীক অভিনন্দন পত্ৰ, তিৱা ফলি আৰু এটাকৈ মূল্যৱান গছপুলি প্ৰদান কৰে। উদ্যোক্তাসকলে জনোৱা অনুসৰি এই অনুষ্ঠানৰ জৰিয়তে তিৱা শিক্ষাৰ্থীসকলক উৎসাহ জনোৱা হৈছে । অনুষ্ঠানত বহু পিতৃ-মাতৃ আৰু গন্য মান্য ব্যক্তি উপস্থিত থাকে।