/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1ff1a128-82d0-46c0-b89e-f8ae557e240d/jogighopa_13.jpg)
jogighopa
ডিজিটেল সংবাদ যোগীঘোপাঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ আগশাৰীৰ শিক্ষানুষ্ঠান গোবিন্দ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ নাটনি হোৱাৰ ফলত শিক্ষাৰ্থীসকল উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হ'ব বুলি কৈ ন ন নিয়ম-নীতি বনাই আছে তেনে সময়ত শিক্ষকৰ অভাৱত গোবিন্দ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰাত সচেতন মহলে চিন্তিত হৈ পৰিছে।
শিক্ষক বিচাৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে যোৱা ১৭ আগষ্টত বঙাইগাঁও জিলাৰ উপায়ুক্তগৰাকীক লিখিত আকাৰে আবেদন দাখিল কৰিছিল । আবেদনখনত উল্লেখ কৰা মতে, বিদ্যালয়খনত ৩৬১ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে চাৰি গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠদান কৰিব লগীয়া হৈছে ।
ইপিনে বিদ্যালয়ৰ নামত থকা ESS-207/79/45 dt. 31-03-1980 Retention ESS-207/79/160 dt 25/7/1991 নম্বৰৰ পদৰ বিপৰীতে মনিষা অধিকাৰী আৰু ডলী বৰুৱা নামৰ দুগৰাকীকৈ শিক্ষয়ত্ৰীক ঠিকাভিত্তিক পদত নিযুক্তি প্ৰদান কৰা হৈছিল যদিও উক্ত শিক্ষয়ত্ৰী দুগৰাকী ঘিলাগুৰী হাই স্কুলত কৰ্মৰত হৈ আছে ।
প্ৰাপ্ত তথ্য অনুসৰি, এই দুগৰাকী শিক্ষয়ত্ৰী যিহেতু গোবিন্দ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পদৰ বিপৰীতে নিযুক্তি লাভ কৰিছে সেয়ে পদ দুটা তেওঁলোকৰ দখলত আছে । ফলত যেতিয়ালৈক শিক্ষয়ত্ৰী দুগৰাকী অৱসৰ গ্ৰহণ নকৰে তেতিয়ালৈকে বিদ্যালয়খনত কোনো শিক্ষকে নিযুক্তি লাভ নকৰিব ।
উক্ত শিক্ষয়ত্ৰী দুগৰাকীক ঘিলাগুৰী হাই স্কুলৰ পৰা অব্যাহতি দি গোবিন্দ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰাৰ ব্যৱস্থা কৰিবৰ বাবে বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জোৎস্না বৰ্মনে দুবাৰকৈ নিৰ্দেশ দিয়ে যদিও শিক্ষয়ত্ৰী দুগৰাকীয়ে আজিও যোগীঘোপাৰ বিদ্যালয়খনত যোগদান কৰা নাই । ঘিলাগুৰী হাই স্কুলৰ প্ৰধান শিক্ষক গৰাকী কিয় শিক্ষয়ত্ৰী দুগৰাকীক বিদ্যালয়খনৰ পৰা অব্যাহতি দিয়া নাই সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে ।
বিষয় সন্দৰ্ভত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে যোগীঘোপা অঞ্চলৰ ৰাইজে । যোগীঘোপা গোবিন্দ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষনীয় ।