/asomiyapratidin/media/media_files/2025/03/31/SN9B7O2EEYqsHG5lxJd1.png)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : আজি ৩১ মাৰ্চ । বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৯ সংখ্যক জন্মদিন। আজিৰ দিনটো অৰ্থাৎ ৩১ মাৰ্চ দিনটো সমগ্ৰ ৰাজ্যতে ছাত্ৰ দিৱস হিচাপে পালন কৰা হৈছে। ইয়াৰোপৰি এবছুৱে আজিৰ দিনটোত নতুন দিল্লী, মেঘালয়তো ছাত্ৰ দিৱস হিচাপে উদযাপন কৰিছে।
গুৱাহাটীত ছাত্ৰ দিৱস ৰাজ্যিকভিত্তিত উদযাপন কৰাৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফাৰ সমাধিক্ষেত্ৰ থুলুংগাপুৰিত এবছু , ইউএনবিটি ট্ৰাষ্ট আৰু স্থানীয় জনসাধাৰণৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি পুৱা পতাকা উত্তোলনেৰে ছাত্ৰ দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে।
ইয়াৰ পিছতে বডোফাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ বডোফাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কোকৰাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডিমাছা দৈব্ৰাং মুচাহাৰীয়ে ৷
আনহাতে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ছাত্ৰ দিৱসৰ পতাকা উত্তোলনৰ পিছত বডোফাৰ নীতি আদৰ্শৰে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু বডোফা কৰ্মৰাজি আৰু সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে এবছু একত্ৰিতভাৱে কাম কৰি যাব বুলি মন্তব্য কৰে ৷ ভাৰতৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস উদযাপন কৰা হৈছে আৰু সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি দ্বীপেন বড়োৱে কয় যে এবছুৰ সভাপতি হিচাপে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ চাৰিবছৰীয়া কাৰ্যকালতে গণ জাগৰণ আনিবলৈ সক্ষম হৈছিল আৰু বড়ো জনগোষ্ঠীৰ লগতে আন জাতি-জনগোষ্ঠীৰো ৰাজনৈতিক, সাংবিধানিক অধিকাৰৰ হকে মাত মাতিছিল।
বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেওঁলোকৰ বাবে আদৰ্শ আৰু সাহস বুলি মন্তব্য কৰি পৃথিৱীত থকা সকলো বড়ো জাতি একত্ৰিত হোৱাৰ কামনা কৰে। বড়ো আন্দোলনৰ ফলশ্ৰুতিতে বি এ চি , বিটিটি আৰু বিটিআৰ চুক্তি সম্পাদন হ'ল বুলি মন্তব্য কৰি নতুন দিল্লীৰ এটা পথ ইতিমধ্যে বডোফাৰ নামত নামাকৰণ কৰা আৰু প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা গৃহ মন্ত্ৰীয়ে ঘোষণা কৰাৰ কথা উনুকিয়ায় দ্বীপেন বড়োৱে ।
ইয়াৰোপৰি আমেৰিকা, লণ্ডন, জাপান আদি দেশত বডোফাৰ প্ৰতিমূৰ্তি ভবিষ্যতে স্থাপন কৰাৰ পৰিল্পনা আছে বুলি এবছুৰ সভাপতি দ্বীপেন বড়োৱে মন্তব্য কৰে ৷ ইপিনে অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে বডোফাৰ সোঁৱৰণত প্ৰদান কৰি অহা মানৱতাৰ সৈনিক বঁটাই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাইছে ।
উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱনভিত্তিক বুৰঞ্জী লিখি থকা হৈছে আৰু ভৱিষ্যতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱনৰ ওপৰত ডকুমেণ্টৰী ফিল্ম নিৰ্মান কৰা হ'ব বুলি সদৰী কৰে মন্ত্ৰী ব্ৰহ্মই । উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত বিধায়ক লৰেন্স ইছলাৰী, এবছুৰ উপ সভাপতি খৌৰৌমদাও ওৱাৰী, এবছুৰ কৰ্মকৰ্তা, ইউএনবিটি ট্ৰাষ্টৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।